আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস..

ডিজিটেল ডেস্কঃ প্ৰতিবছৰে ১ জুলাইৰ দিনটো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰি আহিছে ভাৰতত। পশ্চিমবংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী ডা০ বিধান চন্দ্ৰ ৰয়ৰ মৃত্যু তিথি উপলক্ষে এই দিনটোক ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে দেশৰ জনতাক উন্নত স্বাস্থ্যৰ বিষয়ে সজাগ কৰা আৰু জনতাৰ প্ৰয়োজনৰ সময়ত নিস্বাৰ্থভাৱে সহায় কৰা চিকিৎসকলৰ প্ৰচেষ্টাক স্বীকাৰ কৰা, তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন।

ক্লিক কৰি পঢ়কঃ শিল চুৰিৰ ফটো সংগ্ৰহ কৰাৰ বাবে অপদস্থ হ’ল সাংবাদিকঃ বন সুৰক্ষাৰ বাবে গঠন কৰিবলগীয়া হৈছে বিশেষ সমিতি

কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ মাজতেই দেশত চিকিৎসক সকলে জনতালৈ আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ চিকিৎসকসকলক বিয়লি ৩ বজাত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে সম্বোধন কৰিব। ভাৰতীয় চিকিৎসক সংস্থাই অনুষ্ঠিত কৰা এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব বুলি সংস্থাৰ সূত্ৰত প্ৰকাশ পাইছে। আনহাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত বুধবাৰে টুইটাৰৰ জৰিয়তে উল্লেখ কৰিছে। তেওঁ টুইটাৰত লিখিছে কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সকলো চিকিৎসকৰ প্ৰচেষ্টাৰ বাবে ভাৰত গৌৰাৱান্বিত।

উল্লেখ্য যে পশ্চিমবংগ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ বিধান চন্দ্ৰ ৰয়ৰ ১৮৮২ চনৰ ১ জুলাইত জন্ম হৈছিল আৰু ১৯৬২ চনৰ ১ জুলাইত ৮০ বছৰ বয়সত মৃত্যু হৈছিল।ড০ বিধান চন্দ্ৰ ৰয়ে জীৱন কালত মহিলা আৰু শিশুসকলৰ বাবে যাদৱপুৰত টিবি চিকিৎসালয়, চিত্তৰঞ্জন সেৱা সদন, কমলা নেহেৰু মেম’ৰিয়েল হস্পিতাল, ভিক্টোৰিয়া ইনষ্টিটিউচন, চিত্তৰঞ্জন কৰ্কট চিকিৎসালয় আদিৰ দৰে চিকিৎসা সংগঠন স্থাপন কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী বিধান ৰয়ক ১৯৬১ চনত ভাৰত ৰত্ন সন্মানেৰেও সন্মানিত কৰা হৈছিল। মন কৰিবলগীয়া যে বিশ্বৰ বিভিন্ন দেশত বেলেগ বেলেগ তাৰিখত অনুষ্ঠিত কৰা হয় এই চিকিৎসক দিৱস।

The post আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dt3l79
via IFTTT

Comments