পাঁচ আগষ্ট ভাৰতৰ ইতিহাসত এটা বিশেষ দিন…

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ দুটা দিন। পাঁচ আগষ্ট তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰত হ’ব ভূমি পূজন। য’ত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূমি পূজনকলৈ ইতিমধ্যে ৰাম মন্দিৰৰ সকলোবোৰ প্ৰস্তুতি প্ৰায় সমাপ্ত কৰিছে আয়োজক সমিতিয়ে।

পাঁচ আগষ্ট তাৰিখটো ভাৰতৰত ইতিহাসত এটা বিশেষ দিন হিচাপে পৰিগণিত হ’ব বুলি মন্তব্য কৰিছে বিভিন্ন মহলে। সমান্তৰালকৈ ৰাম মন্দিৰ ভূমি পূজনৰ বাবে বিভিন্ন আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে ৰাম জন্মভূমি। ঠায়ে ঠায়ে চাকি বন্তি জ্বলোৱা হৈছে আৰু সজাই তোলা হৈছে প্ৰতিটো ঘাট।

The post পাঁচ আগষ্ট ভাৰতৰ ইতিহাসত এটা বিশেষ দিন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hXPV2V
via IFTTT

Comments