ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহত NEET আৰু JEE পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কেন্দ্ৰলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ…

ডিজিটেল ডেস্কঃ NEET আৰু JEE পৰীক্ষা ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত নকৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হেমন্ত সুৰেনে বৃহস্পতিবাৰে এই পত্ৰ প্ৰেৰণ কৰাৰ উপৰিও টুইটাৰযোগেও এই আহ্বান কৰিলে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে, কোৰোনাকেন্দ্ৰিক বৰ্তমানৰ পৰিস্থিতিলৈ চাই শিক্ষাৰ্থী আৰু অভিভাৱকৰ সুৰক্ষাৰ দিশটোৰ লগতে যাতায়ত, থকা-মেলা আদি অসবিধাবোৰলৈ লক্ষ্য কৰি এই গুৰুত্বপূৰ্ণ পৰীক্ষা দুটা ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত কৰাটো উচিত নহব। বিষয়টো বিবেচনা কৰিবলৈ শিক্ষামন্ত্ৰী ৰমেশ পোখৰিৱালক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হেমন্ত সুৰেনে।
The post ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহত NEET আৰু JEE পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কেন্দ্ৰলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QvWPRh
via IFTTT
Comments
Post a Comment