আজিৰে পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন…

ডিজিটেল ডেস্কঃ কোৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ মাজতে আজিৰে পৰা আৰম্ভ হ’বলগীয়া অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন। পুৱা ৯.৩০বজাৰ পৰা আৰম্ভ হব লগা এই অধিৱেশনত আলোচনা হব বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়।

এই অধিৱেশনত বহুকেইজন বিধায়কে অংশগ্ৰহণ কৰিব নোৱাৰিব৷ কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে এইসকল বিধায়ক কোভিড–১৯ত আক্ৰান্ত হৈছে৷ শেহতীয়াকৈ দুদিন ধৰি চলা মন্ত্ৰী-বিধায়কৰ ৰেপিড টেষ্টত পাঁচজন বিধায়কৰ পজিটিভ পোৱা গ’ল৷

পজিটিভ পোৱা গ’ল বিধায়ক বীৰভদ্ৰ হাগজেৰ, ঋতুপৰ্ণ বৰুৱা, নৰেন সোণোৱাল, আনোৱাৰ হুছেইন লস্কৰ আৰু নজৰুল হকৰ৷ এইসকল বিধায়কক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

The post আজিৰে পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gIYPQP
via IFTTT

Comments