Zoom মিটিঙৰ সময়তে চেক্ৰেটেৰীৰ সৈতে যৌনতাত লিপ্ত হৈ পৰিল চৰকাৰী বিষয়া

আধুনিক প্ৰযুক্তিৰ প্ৰতি সচেতন নোহোৱা বহু ব্যক্তিয়েই সময়ত বিপদত পৰা দেখা যায়। তদুপৰি, কেমেৰা হৈছে আধুনিক বিশ্বৰ এনে এটা আৱিস্কাৰ যিয়ো সকলো গোপনীয়তা উদঙাই দিব পাৰে।

ঠিকেই, মিলেন কুন্দেৰাই ক’বৰ দৰে বৰ্তমান সময়ত ভগৱানৰ স্থান লৈছে কেমেৰাই। কোনো কি কৰি আছে থাকে সেয়া কোন সময়ত ওলাই পৰে তাৰ কোনো নিশ্চয়তা নাই।

নিজৰ অসচেতনতা আৰু অসৎ কামনাৰ বাবে এইবাৰ শলঠেকত পৰিল ফিলিপাইনছৰ এগৰাকী চৰকাৰী বিষয়া।

চৰকাৰী মিটিঙত Zoom কল বন্ধ হোৱা বুলি ভাৱি চেক্ৰেটাৰীৰ সৈতে যৌনতাত লিপ্ত হৈ পৰিল কেপ্টেন জেছাছ এষ্টিল।

কিন্তু ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে লাগিল হৈ চৈ।

বাতৰি অনুসৰি, কৰ’না ভাইৰাছৰ পৰিস্থিতিত ফিলাপাইনছৰ এখন গাঁৱৰ প্ৰশাসনিক মিটিং এখন Zoom কলৰ জৰিয়তে অনুষ্ঠিত কৰা হৈছিল।

বৈঠকত চৰকাৰী বিষয়া কেপ্টেন জেছাছ এষ্টিলেও অংশ লৈছিল।

বৈঠকৰ মাজতে তেওঁ নিজৰ লেপটপৰ কেমেৰা অফ কৰিবলৈ লয়। কেমেৰা অফ হোৱা বুলি ভাৱি এষ্টিলে অফিচ চেক্ৰেটাৰীৰ সৈতে যৌন কাৰ্যত মত্ত হৈ পৰে।

সেই বৈঠকত উপস্থিত থকা একাংশই সেই দৃশ্য ৰেকৰ্ড কৰে আৰু সেয়া অলপ পাছতে ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰে।

চৰকাৰী বিষয়াৰ এনে কু-কীৰ্তি দেশখনৰ স্থানীয় সংবাদ মাধ্যমৰ ‘হট খৱৰ’ হৈ পৰে। ইয়াৰ লগে লগে দেশ-বিদেশৰ সংবাদ মাধ্যমত এই খৱৰ বিয়পি পৰে।

স্বাভাৱিকভাৱেই, ঘটনাত জড়িত চৰকাৰী বিষয়াগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। তদুপৰি, ভৱিষ্যতে যাতে এনে ঘটনা নঘটে তাৰ বাবে প্ৰশাসনক চকু ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ পূৰ্বে ব্ৰাজিলৰ ৰিঅ’ দি জেনেৰিঅ’ৰ চিটি কাউন্সিলৰ এক বৈঠকতো এনেদৰে এহাল দম্পতিয়ে Zoom কেমেৰা অফ থকা বুলি যৌনতাত মত্ত হৈ পৰাৰ ঘটনা সংঘটিত হৈছিল।

The post Zoom মিটিঙৰ সময়তে চেক্ৰেটেৰীৰ সৈতে যৌনতাত লিপ্ত হৈ পৰিল চৰকাৰী বিষয়া appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3gFxbEu
via IFTTT

Comments