জম্মু-কাশ্মীৰত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত ৩জন সন্ত্ৰাসবাদী নিহত; এগৰাকী আৰক্ষী শ্বহীদ
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে। শনিবাৰে মাজনিশা সন্ত্ৰাসবাদীয়ে চিআৰপিএফ আৰু আৰক্ষীৰ যৌথ অভিযানকাৰী দলৰ ওপৰত শ্ৰীনগৰৰ পান্থা চ’কীত গুলীবৰ্ষণ কৰে।
ইয়াৰ পাছতে গোটেই অঞ্চলটো সুৰক্ষা বাহিনীয়ে ঘেৰাও কৰি লয়। তালাচী অভিযানৰ সময়ত সন্ত্ৰাসবাদীয়ে পুনৰ গুলীবৰ্ষণ কৰে।
সুৰক্ষা বাহিনীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে আৰু শেহতীয়া বাতৰি অনুসৰি তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে।
দুই পক্ষৰ মাজত চলা গুলীয়াগুলীৰ ঘটনাত জম্মু-কাশ্মীৰ আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক বাবু ৰাম শ্বহীদ হয়।
ইপিনে, সুৰক্ষা বাহিনীৰ অভিযান অব্যাহত ৰখা হৈছে।
আনহাতে, সোপিয়া জিলাত শুকুৰবাৰে সুৰক্ষা বাহিনীৰ সৈতে হোৱা আন এক সংঘৰ্ষত চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছিল আৰু এজনে আত্মসমৰ্পন কৰিছিল।
নিহত সন্ত্ৰাসবাদীৰ মাজৰ এজন শুকুৰ পাৰে জম্মু-কাশ্মীৰ আৰক্ষীৰ প্ৰাক্তন জোৱান আছিল আৰু অল বাদ্ৰ সংগঠনৰ জিলা কমাণ্ডাৰ আছিল।
The post জম্মু-কাশ্মীৰত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত ৩জন সন্ত্ৰাসবাদী নিহত; এগৰাকী আৰক্ষী শ্বহীদ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3jpqwjt
via IFTTT
Comments
Post a Comment