ভাৰতত প্ৰতিদিনে কোভিডত আক্ৰান্ত হৈছে গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক
দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা অনুসৰি দেশত নিতৌ গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।
দেশত এতিয়া ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৩৫ লাখৰ ঘৰ।
কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৩৫,৩৬,৬৬৭ গৰাকী। এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৭,৬৬,২২৬ গৰাকী।
এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৬৩,৫৮০ গৰাকী লোকৰ।
একেদৰে ক’ৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ কোভিডত আক্ৰান্ত হোৱা ২৭,০৬,৮৬১ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।
বিগত ২৪ ঘণ্টাত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৭৮,৯০৩ গৰাকী লোক।বিগত সাত দিনত দেশত ক’ৰ’ণাত আক্ৰান্ত হৈছে ৪,৯৬,০৭০ গৰাকী লোক।
ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ হাৰ বঢ়াবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ৭৪.৭ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া সীমাতকৈ ভাৰতত ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ হাৰ যথেষ্ট বেছি।
বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি এক লাখ লোকৰ ভিতৰত কমেও ১৪ জন লোকৰ ক’ৰ’ণাৰ পৰীক্ষা কৰাৰ কথা কৈছিল।
The post ভাৰতত প্ৰতিদিনে কোভিডত আক্ৰান্ত হৈছে গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/32FVmNQ
via IFTTT
Comments
Post a Comment