‘আমি কাৰো হাতৰ পুতলা নহয়’—পাকিস্তানক কিয় সকিয়ালে ফাৰুক আব্দুল্লাই?
পাকিস্তানক এইবাৰ মুকলিকৈয়ে সকিয়নি দিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই।
যোৱা ২২ আগষ্টত কাশ্মীৰৰ ৬ টাকৈ দলে সন্মিলিত ভাবে কেন্দ্ৰীয় চৰকাৰক কাশ্মীৰৰ পৰা বাতিল কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ পুনৰ প্ৰৱৰ্তনৰ বাবে দাবী জনাই এক বিবৃতি প্ৰকাশ কৰিছিল।
ইয়াৰ পিছতে পাকিস্তানে কাশ্মীৰৰ ৬ টা দলৰ স্থিতিক সমৰ্থন জনাই বিজেপি চৰকাৰত কটু সমালোচনা কৰিছে।
পাকিস্তানে কৈছে যে কাশ্মীৰৰ স্বাধীনতাৰ বাবে দেশ খন সদায় কাশ্মীৰী জনতাৰ ওচৰত থাকিব।
কাশ্মীৰৰ ৬ টা বিৰোধী দলক পাকিস্তানে সহায় কৰিবলৈ প্ৰস্তুত বুলিও ইংগিত দিছে।
পাকিস্তানৰ এনে তৎপৰতাক পিছে সহজ ভাবে লোৱা নাই উপত্যকাটোৰ বিৰোধী দলবোৰে।
সেয়ে পাকিস্তানক সকিয়াই কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই কৈছে যে তেওঁলোক কাৰো হাতৰ পুতলা হৈ থাকিব নিবিচাৰে।
সেয়া দিল্লীয়েই হওক বা পাকিস্তানেই হওক। পাকিস্তানে কাশ্মীৰলৈ সন্ত্ৰাসবাদী পঠিয়াই উপত্যকাটোত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰা বুলিও আব্দুল্লাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
তেওঁ পাকিস্তানক এনে হিংসা বন্ধ কৰিবলৈ সকিয়াই দিয়ে।
তেওঁ কয় যে কাশ্মীৰৰ জনতাই শান্তি বিচাৰে আৰু সেই শান্তি দিল্লী আৰু পাকিস্তানে নিশ্চিত কৰিব লাগিব।
উল্লেখ্য কাশ্মীৰত পুনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰৱৰ্তন কৰাৰ দাবীৰে ঐক্যৱদ্ধ হোৱা দল কেইটাই শেহতীয়াকৈ এক সন্মিলিত বিবৃতিও প্ৰকাশ কৰিছে।
বিবৃতিটোত দল কেইটাই কৈছে যে ২০১৯ চনৰ ৫ আগষ্টৰ দিনা কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদৰ লগতে ৩৫(ক) অনুচ্ছেদ বাতিল কৰি কাশ্মীৰী জনতাৰ অধিকাৰ কাঢ়ি নিছে।
কাশ্মীৰৰ জনতাক তেওঁলোকে হেৰুওৱা অধিকাৰ পুনৰ ঘূৰাই দিয়াৰ বাবেই কাশ্মীৰত শীঘ্ৰে সংবিধানৰ ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিছে দল কেইটাই।
সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপৰ বিৰুদ্ধে থিয় দিয়া ৬ টা দলৰ ভিতৰত দুটা সৰ্বভাৰতীয় দল ক্ৰমে কংগ্ৰেছ আৰু চিপিএমো আছে।
বিৰোধী ঐক্যত থকা আন দল কেইটা হৈছে ক্ৰমে নেছনেল কনফাৰেন্স,পিপ’লছ ডেম’ক্ৰেটিক পাৰ্টী,আৱামী নেছনেল কনফাৰেন্স আৰু জম্মু-কাশ্মীৰ পিপ’লছ কনফাৰেন্স।
দল কেইটাই কাশ্মীৰত পুনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ বাহাল কৰাৰ দাবীত শীঘ্ৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৈছিল।চল চাই কঠীয়া পৰাৰ নীতি অৱলম্বন কৰি পাকিস্তানে দল কেইটাৰ স্থিতিক সমৰ্থন জনাবলৈ গৈ এতিয়া মুখ থেকেচা খাবলগীয়া হৈছে।
The post ‘আমি কাৰো হাতৰ পুতলা নহয়’—পাকিস্তানক কিয় সকিয়ালে ফাৰুক আব্দুল্লাই? appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/32IqoVB
via IFTTT
Comments
Post a Comment