কোভিডত মৃত্যু দেশৰ প্ৰথম গৰাকী মহিলা হৃদৰোগ বিশেষজ্ঞ ডাঃ পদ্মাৱতীৰ

দেশৰ প্ৰথম গৰাকী মহিলা হৃদৰোগ বিশেষজ্ঞ ডাঃ এছ আই পদ্মাৱতীৰ মৃত্যু ঘটিছে।

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈয়েই দেশৰ চিকিৎসা ক্ষেত্ৰ খনত হৃদৰোগৰ আধুনিক চিকিৎসাৰ পথিকৃত ডাঃপদ্মাৱতীৰ ২৯ আগষ্টৰ নিশা দিল্লীৰ নেচনেল ক’ৰ’নেৰী আৰ্ট ইনষ্টিটিউটত মৃত্যু ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০৩ বছৰ।

১৯৮১ চনত নিজে প্ৰতিষ্ঠা কৰা চিকিৎসালয় খনতে ১১ দিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল ডাঃ পদ্মাৱতীক।

হাঁওফাওঁৰ সংক্ৰমণত আক্ৰান্ত হোৱা চিকিৎসক গৰাকীৰ দেহত ধৰা পৰিছিল কোভিড।

১৯১৭ চনত  বাৰ্মা(বৰ্তমানৰ ম্যানমাৰ)ত জন্মগ্ৰহণ কৰা পদ্মাৱতীয়ে ৰেংগুন মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ স্নাতক হোৱাৰ পিছত বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল আৰু ১৯৪২ চনত ভাৰতলৈ আহিছিল ।

ভাৰতত তেওঁ প্ৰথম গৰাকী হৃদৰোগ বিশেষজ্ঞ হিচাবে  হৃদৰোগৰ চিকিৎসা আৰম্ভ কৰিছিল।

ভাৰতলৈ আহি তেওঁ লেডী হাৰ্ডিং মেডিকেল কলেজত যোগদান কৰিছিল।

১৯৬২ চনত তেওঁ অল ইণ্ডিয়া হাৰ্ট ফাউণ্ডেছন প্ৰতিষ্ঠা কৰিছিল।

২০১৫ চনলৈকে তেওঁ দিনটোৰ ১২ ঘণ্টাই কাম কৰিছিল আৰু নিতৌ বহু কেইটা জটিল অস্ত্ৰোপচাৰ কৰিছিল।

দেশৰ চিকিৎসা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৬৭ চনত তেওঁক পদ্ম ভূষণ আৰু ১৯৯২ চনত পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল।

দক্ষিণ দিল্লীৰ পাঞ্জাৱী বাগত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

The post কোভিডত মৃত্যু দেশৰ প্ৰথম গৰাকী মহিলা হৃদৰোগ বিশেষজ্ঞ ডাঃ পদ্মাৱতীৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/31HJQ5u
via IFTTT

Comments