ক্ষুদ্ৰতম গ্ৰন্থ লিখি অসম বুক অফ ৰেকৰ্ডছৰ স্বীকৃতি লালুকৰ ৰীতামনিলৈ…

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ ডিজিটেল পৃথিৱীত অধিকাংশ মানুহৰ মন মগজু ডিজিটেলাইজ হৈ পৰাৰ বিপৰীতে ব্যতিক্ৰমী কিছু মানুহৰ চখ অথবা চিন্তা চৰ্চা সদায়েই কিছু পৃথক।তেনে এক পৃথক চিন্তাৰ ফছল বান্দৰদেৱাৰ সমীপৰ লালুকৰ এগৰাকী ছাত্ৰী।উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী ৰীতামনি বৰাই নিজৰ এক ব্যতিক্ৰমী কামৰ বাবেই অসম বুক অফ ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।
ৰাজ্যৰ ভিতৰতে ক্ষুদ্ৰতম এখন গ্ৰন্থ লিখি উলিয়াই ৰীতামনিয়ে লাভ কৰিছে অসম বুক অফ ৰেকৰ্ডছৰ এই স্বীকৃতি। তিনি ইঞ্চি দৈঘ্য দুই ইঞ্চি প্ৰস্থ আৰু ৪৯ পৃষ্ঠাৰ এই ক্ষুদ্ৰতম গ্ৰন্থখন হৈছে ক’ভিড ১৯ ৰ বাবে মহাবিদ্যালয় বন্ধৰ সময়ত ৰীতামনিয়ে কৰা ব্যতিক্ৰমী চিন্তাৰ এক ফছল।তিনিটা বিশেষ গল্প সন্নিবিষ্ট হৈছে ৰীতামনিৰ এই ক্ষুদ্ৰতম গ্ৰন্থখনত।
যি সময়ত গ্ৰন্থৰ চাহিদা আশাতীত ভাবে হ্ৰাস পাই ঈ-বুকৰ সমাদৰ বৃদ্ধি পাইছে সেই সময়ত ছপা গ্ৰন্থৰ আকাৰৰ ভিন্নতাই পাঠকৰ আকৰ্ষণ সৃষ্টিৰে নতুন সম্ভাবনা এটা আনিবলৈ প্ৰয়াস কৰা ৰীতামনিৰ এই কাম নিসন্দেহেই আজিৰ দিনটোত এক আশাপ্ৰদ খবৰ।
The post ক্ষুদ্ৰতম গ্ৰন্থ লিখি অসম বুক অফ ৰেকৰ্ডছৰ স্বীকৃতি লালুকৰ ৰীতামনিলৈ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jxGfx5
via IFTTT
Comments
Post a Comment