অসমৰ ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি সন্মান
অসমৰ বিশিষ্ট সংস্কৃত গায়ক, শিক্ষক তথা অনুবাদক ৰঞ্জন বেজবৰুৱালৈ লোকভাষা প্ৰচাৰ সমিতিয়ে ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি সন্মান আগবঢ়াইছে।
লোকভাষা সমিতি সংস্কৃত ভাষাৰ উত্তৰণৰ বাবে কাম কৰি অহা এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন।
বিশ্বৰ বিভিন্ন দেশ তথা ভাৰতৰ বিভিন্ন প্ৰান্তত ৪২টা শাখা থকা ভুৱনেশ্বৰস্থিত সংগঠনটোৱে অহা নৱেম্বৰত বেজবৰুৱাক এক সংক্ষিপ্ত অনলাইন অনুষ্ঠানত এই সন্মান তথা এখন প্ৰমান পত্ৰ প্ৰদান কৰিব।
সংগঠনটোৰ সৰ্বভাৰতীয় সঞ্চালক সদানন্দ দীক্ষিতে বেজবৰুৱালৈ লিখা এখন পত্ৰত কোৱা হৈছে যে তেওঁ আন ভাষাৰ জনপ্ৰিয় গীত সংস্কৃতত এক আধুনিক তথা আকৰ্ষণীয় ৰূপত উপস্থাপন কৰি উৎকৃষ্ট, নিৰৱিচ্ছিন্ন বৰঙণি আগবঢ়াই অহাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে।
পত্ৰখনত লগতে কোৱা হৈছে যে বেজবৰুৱাই দেশ তথা বিদেশতো গীতবোৰ জনপ্ৰিয় কৰি তুলিছে।
বেজবৰুৱাই ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীতবোৰৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ দৰে মহান গীতিকাৰসকলৰ গীতসমূহ সংস্কৃতলৈ অনুবাদ কৰি সেইবোৰৰ সুৰ আৰু স্বকীয়তা অক্ষুন্ন ৰাখি পৰিৱেশন কৰি আহিছে।
তেওঁ ইতিমধ্যে ১০০তকৈয়ো অধিক গীত গাইছে।
২০১৯চনৰ ২৬ জানুৱাৰিত দূৰদৰ্শনৰ বাৰ্তাৱলী অনুষ্ঠানত গোৱা তেওঁৰ ‘চাৰে ঝাহা চে আচ্চা হিন্দুস্তান হামাৰা’ গীতটো সংস্কৃতত গোৱা আটাইতকৈ জনপ্ৰিয় অন্যতন গান হিচাপে বিবেচিত হৈছে।
বেজবৰুৱাৰ ভূপেন হাজৰিকা আৰু আন গীতিকাৰৰ গানৰ তিনিখন ডিস্কৰ গানসমূহে সমগ্ৰ দেশৰ লগতে মধ্য প্ৰাচ্যতো সমাদৰ লাভ কৰিছে।
বেজবৰুৱাৰ বাবে সংস্কৃত হৈছে সেই ধ্ৰুপদী ভাষা যিটো সকলো ভাষাৰে মূল আৰু গান হৈছে এনেকুৱা এটা মাধ্যম যাৰ কোনো সীমা নাই।
The post অসমৰ ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি সন্মান appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/32rTAA0
via IFTTT
Comments
Post a Comment