দুখবৰঃ অনিৰ্দিষ্টকাললৈ বন্ধ উত্তৰ-পূবৰ সকলো ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প…

- কোৰোনা মহামাৰীৰ মাজতে ৰাজ্যবাসীলৈ দুঃখবৰ ।
- ৰাজ্যত পুনৰ ৰন্ধন গেছৰ ছিলিণ্ডাৰ নাটনি হোৱাৰ পূৰ্ণ সম্ভৱনা।
- বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব উত্তৰ-পূৱৰ আটাইকৈইটা ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প।
- উত্তৰ গুৱাহাটীৰ লগতে বঙাইগাও ৰন্ধন গেছ প্ৰকল্প, মিৰ্জা ৰন্ধন গেছ প্ৰকল্প, গোপানাৰী ৰন্ধন গেছ প্ৰকল্প, তিনিচুকীয়া ৰন্ধন গেছ প্ৰকল্প, দুলিয়াজান ৰন্ধন গেছ প্ৰকল্প, চেকমাই ৰন্ধন গেছ প্ৰকল্প, ডিমাপুৰ ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প, আৰু ত্ৰিপুৰা ৰন্ধন গেছ প্ৰকল্প বন্ধ থাকিব।
- নৰ্থ ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েচনৰ বিভিন্ন দাবীত গ্ৰহণ কৰিছে এই ধৰ্মঘট কাৰ্যসূচী।
- আই অ’ চিৰ নিবিদা আহ্বানৰ কাৰ্যালয় গুৱাহাটীৰ পৰা কলকতালৈ উঠাই নিবলৈ কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে এই ধৰ্মঘট।
- লগতে আই অ’ চি কৃৰ্তপক্ষই থলুৱাক বঞ্চিত কৰি বণিক গোষ্ঠীক ৰঙা দলিছা পাৰি দিয়াৰ অভিযোগ।
The post দুখবৰঃ অনিৰ্দিষ্টকাললৈ বন্ধ উত্তৰ-পূবৰ সকলো ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34D8ZQw
via IFTTT
Comments
Post a Comment