বেতন বঞ্চিত শিক্ষকৰ অভিনৱ প্ৰতিবাদ; মুখ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰীৰ সুমতি বিচাৰি নাম প্ৰসংগ
শিৱসাগৰত বৃহস্পতিবাৰে এক অভিনৱ প্ৰতিবাদ দেখিবলৈ পোৱা গ’ল। সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই সাৱ্যস্ত কৰে এই প্ৰতিবাদ।
মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ সুমতি বিচাৰি পবিত্ৰ ভাদ মাহত নাম প্ৰসংগ আৰু সৰ্বধৰ্মীয় প্ৰার্থনাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
বেতন বঞ্চিত শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান, চলিত মাহৰ পৰা মাহৰ বেতন প্ৰদান, আৰু বিনা বেতনত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত নাম প্ৰসংগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ জিলাৰ বেতন বঞ্চিত শিক্ষকে।
আনহাতে, নাম প্ৰসংগৰ উপৰিও এই সকল শিক্ষকে গীৰ্জা ঘৰ আৰু মছজিদতো মুখ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰীৰ সুমতি বিচাৰি প্ৰাৰ্থনা কৰে।
বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে কয় যে আজি ৮ টা বছৰে শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষৰ সমস্যা সমাধান কৰিম বুলি ঘোষণা কৰিছিল যদিও কোনো এখন চৰকাৰে এই সমস্যা সমাধান নকৰিলে। অৰ্থৰ অভাৱত শিৱসাগৰৰ প্ৰায় ৬০ গৰাকী শিক্ষকৰ ইতিমধ্যে মৃত্যু হৈছে।
তেওঁ লগতে কয় যে শিক্ষক হোৱাৰ বাবেই ক’ৰনা মহামাৰীৰ সময়তো কোনোধৰণৰ চৰকাৰী সুবিধা লাভ নকৰিলে। বৰ্তমান এইসকল পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।
শিক্ষকসকলৰ দুখ দুৰ্দশা বুজিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুমতি বিচাৰি ভগৱানৰ ওচৰত নাম প্ৰসংগ কৰা বুলি তেওঁ মন্তব্য কৰে।
The post বেতন বঞ্চিত শিক্ষকৰ অভিনৱ প্ৰতিবাদ; মুখ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰীৰ সুমতি বিচাৰি নাম প্ৰসংগ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2EEKo2X
via IFTTT
Comments
Post a Comment