কোভিডত আক্ৰান্ত অসমৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবল টেনিছ খেলুৱৈ নিপজ্যোতি বৰুৱাৰ মৃত্যু
কোভিডত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যু ঘটিছে অসমৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবল টেনিছ খেলুৱৈ নিপজ্যোতি বৰুৱাৰ।
কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হোৱাৰ পিছতে বৰুৱাই হোম কোৱাৰেণ্টাইনত আছিল।
কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ ফলত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
তেওঁক প্লাজমা থেৰাপিও দিয়া হৈছিল। শনিবাৰে প্ৰাক্তন খেলুৱৈ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
অৱশ্যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে প্ৰাক্তন খেলুৱৈ গৰাকীৰ মৃত্যু কোভিডত হোৱা বুলি আনুষ্ঠানিক ভাবে ঘোষণা কৰা নাই।
গুৱাহাটীৰ ডন বস্ক’ স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা নিপজ্যোতি বৰুৱাই কটন মহাবিদ্যালয়(বৰ্তমান কটন বিশ্ববিদ্যালয়)ত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল।
সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই তেওঁ সেই বয়সৰ শাখাত টেবল টেনিছ খেলি ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিছিল।
১৯৮৯ চনত নতুন দিল্লীত অনুষ্ঠিত চতুৰ্থ জুনিয়ৰ এছিয়ান কাপ টেবল টেনিছ চেম্পিয়নশ্বিপৰ লগতে ১৯৯০ চনত আমেৰিকাৰ বাল্টিমোৰত অনুষ্ঠিত ইউ এছ অপেন টেবল টেনিছতো তেওঁ খেলিছিল।
নিপজ্যোতি বৰুৱাৰ মৃত্যুত ক্ৰীড়া জগতত শোকৰ ছাঁ পৰিছে।
The post কোভিডত আক্ৰান্ত অসমৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবল টেনিছ খেলুৱৈ নিপজ্যোতি বৰুৱাৰ মৃত্যু appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/32FDVwT
via IFTTT
Comments
Post a Comment