যোৱা ৪৮ ঘন্টাত জম্মু-কাশ্মীৰত ১০টা সন্ত্ৰাসবাদী নিহত…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত তিনিটা সন্ত্ৰাসবাদী। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই সংঘৰ্ষত জম্মু কাশ্মীৰ আৰক্ষীৰ এজন এএছআই বিষয়াও নিহত হৈছে। শ্ৰীনগৰৰ পন্থা চ’ক এলেকাত শনিবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা।
উল্লেখ্য যে, যোৱা ৪৮ ঘন্টাত জম্মু-কাশ্মীৰত ১০টা সন্ত্ৰাসবাদীক ধৰাশায়ী কৰা হৈছে। ইয়াৰ পূৰ্বে পুলৱামাত ৩টা, শ্বপিয়ানত ৪টা সন্ত্ৰাসবাদী নিহত হয়। মন কৰিব লগীয়া যে, যোৱা কিছুদিনত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষী-আৰক্ষীৰ সংঘৰ্ষ বৃদ্ধি পাইছে জম্মু-কাশ্মীৰত।
The post যোৱা ৪৮ ঘন্টাত জম্মু-কাশ্মীৰত ১০টা সন্ত্ৰাসবাদী নিহত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32Eio7P
via IFTTT
Comments
Post a Comment