বহু কথা লুকুৱাইছে! ৰিয়া চক্ৰৱৰ্তীক আজি পুনৰ জেৰা চি বি আইৰ…

ডিজিটেল ডেস্কঃ অভিনেতা সুশান্ত সিং ৰাজপুতক লৈ কিছু কথা লুকুৱাইছে ৰিয়া চক্ৰৱৰ্তীয়ে। এই সন্দেহ কৰিয়েই যোৱা শুকুৰবাৰে জেৰা চলোৱা ৰিয়াক শনিবাৰে পুনৰ জেৰা চলাব চি বি আইয়ে। উল্লেখ্য যে, শুকুৰবাৰে সুশান্তৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত ৰিয়াক প্ৰথমবাৰলৈ সোধ পোচ কৰিছিল চি বি আইয়ে।
প্ৰায় ১০ঘন্টা জেৰা অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছিল ৰিয়াক। দিনৰ ১১বাজি ২০মিনিটৰ পৰা আৰম্ভ হোৱা এই জেৰাৰ প্ৰথম দুঘন্টাত ৰিয়াক নিজৰ সকলো কথা বিৱৰি কবলৈ সুযোগ প্ৰদান কৰা হয়। ইয়াৰ পিছতে চি বি আইৰ প্ৰশ্নবাণে থকা-সৰকা কৰে ৰিয়াক। ১০ ঘন্টা জেৰাৰ অন্ততো চি বি আইয়ে আৰু কিছু কথা জানিবৰ বাবে শনিবাৰে জেৰা চলাব ৰিয়াক।
The post বহু কথা লুকুৱাইছে! ৰিয়া চক্ৰৱৰ্তীক আজি পুনৰ জেৰা চি বি আইৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YJEy7K
via IFTTT
Comments
Post a Comment