বৰফ গলা নাই ভাৰত-চীন সম্পৰ্কৰ: পুনৰ বন্ধুত্বৰ সম্ভাৱনা ক্ষীণ- এছ জয় শংকৰ
লাডাখৰ গালোৱান ভেলীত ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ পিচতে চীনৰ সৈতে ভাৰতৰ যি সম্পৰ্কৰ অৱনতি ঘটিছিল সেয়া সহজে উন্নত হোৱাৰ আশা ক্ষীণ।
এই মন্তব্য প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে লাডাখ প্ৰসংগত ভাৰত আৰু চীনে নিজৰ নিজৰ স্থিতি বৰ্তা ৰাখিছে।
চীনক কোনো কাৰণতে ভাৰতৰ ভূখণ্ড এৰি দিয়া নহ’ব বুলি স্পষ্ট কৰি দি জয়শংকৰে কয় যে ভাৰতৰ কঠোৰ স্থিতিৰ প্ৰতি চীনে এতিয়াও কোনো ইতি বাচক সঁহাৰি জনোৱা নাই।
এনে পৰিস্থিতিত চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক পুনৰ মধুৰ হৈ পৰাৰ সম্ভাৱনা তেনেই ক্ষীণ বুলি মন্ত্ৰী গৰাকীয়ে কয়।
আমেৰিকাৰ সৈতে থকা ভাৰতৰ সম্পৰ্কৰ কথা সদৰী কৰি জয়শংকৰে কয় যে আমেৰিকা আৰু চীনৰ সৈতে ভাৰতে বজাই ৰখা সম্পৰ্কৰ ধৰণ একে নহ’য়।
দুয়োখন দেশৰ সৈতে ভাৰতৰ পুৰণি সম্পৰ্ক আছে যদিও চাৰ সৈতে থকা সম্পৰ্কত প্ৰায়ে ফাঁট মেলি আহিছে।
উল্লেখ্য লাডাখ সংকটৰ পিছতে চীনৰ সৈতে ভাৰতৰ চাৰি লানি আলোচনা হৈছে যদিও এতিয়াও দুয়োখন দেশৰ মাজৰ সংঘাত দূৰ হোৱাৰ সলনি দিনক দিনে জটিল হে হৈ গৈ আছে।
চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা উপদেষ্টা অজিত দোভালেও কথা পাতিছিল যদিও বৰফ পিছে এতিয়াও গলা নাই।
The post বৰফ গলা নাই ভাৰত-চীন সম্পৰ্কৰ: পুনৰ বন্ধুত্বৰ সম্ভাৱনা ক্ষীণ- এছ জয় শংকৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2PiK5Nu
via IFTTT
Comments
Post a Comment