আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰি: লাহে লাহে খোল খাইছে মুখাৰ আঁৰৰ মুখ!

আৰক্ষী উপ-পৰিদৰ্শকৰ চাকৰিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্ন কাকাত ফাদিল হোৱাৰ ঘটনাৰ পাছতে এই সম্পৰ্কত আৰম্ভ কৰা তদন্তই বিশেষ গতি লাভ কৰিছে।

অসম আৰক্ষীৰ অপৰাধ অনুসন্থান শাখা (চিআইডি) আৰু অপৰাধ শাখা (ক্ৰাইম ব্ৰান্স)ই চলোৱা অভিযানত নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহিছে।

পলাতক আৰক্ষী বিষয়া পি কে দত্তৰ সম্পত্তিৰ পাহাৰ আৰু ব্যৱসায়িক সাম্ৰাজ্যৰ ভাণ্ডাৰ উদ্ধাৰ কৰাৰ পাছত তদন্তকাৰী দলে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত দত্তৰ লগতে কেলেংকাৰিটোত জড়িত আনসকলৰ সন্ধানত নামি পৰিছে।

তদন্তকাৰী দলটোৱে শুকুৰবাৰে নৱ ভাৰত নিৰ্মাণ নামৰ এটা সংগঠনৰ সভাপতি কুলদীপ ৰাজবংশীৰ নলবাৰীৰ ঘৰত তালাচী চলাই বহু নথি-পত্ৰ উদ্ধাৰ কৰে।

কুলদীপক আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে ৰাজবংশীৰ ঘৰত তালাচী চলাই প্ৰশ্নকাকত ফাদিলৰ সৈতে সংগতি থকা কোচিং চেন্টাৰৰ সন্ধান লাভ কৰিছে।

জিলাখনৰ উপ-আৰক্ষী অধীক্ষক জুপি বৰদলৈৰ নেতৃত্বত অভিযান চলোৱা আৰক্ষীৰ দলটোৱে কুলদীপ ৰাজবংশীৰ ঘৰৰ পৰা কোচিং চেন্টাৰৰ সৈতে সম্পৰ্কিত নথি, পৰিবহন বিভাগৰ পৰীক্ষাৰ এডমিট কাৰ্ড, পাছবুক, বেংক ড্ৰাফ্ট,২৪খন ছীমৰ লগতে আন নথিপত্ৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৰাজবংশীৰ ভাৰত নির্মাণ নামৰ সংস্থাটোৱে আৰক্ষী, বন বিভাগকে ধৰি বিভিন্ন বিভাগৰ চাকৰিৰ বাবে প্ৰাৰ্থীক উপযুক্ত কৰি তোলাৰ উদ্দেশ্যে বিনামূলীয়া প্রশিক্ষণ শিবিৰ আয়োজন কৰাৰ কথা কুলদীপে ফে’চবুকত প্রচাৰ কৰিছিল।

ইপিনে, কুলদীপ ৰাজবংশীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কেলেংকাৰিটোত জড়িত  জিলাখনৰ আৰু বহুকেইগৰাকী ব্যক্তি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

আনহাতে, অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তিৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেকাৰিৰ লন্দৰ্ভত শুকুৰবাৰে  চিআইডিয়ে লখৰাস্থিত হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ ৰাহুল ডেকাক গ্ৰেপ্তাৰ কৰে।

চিআইডিয়ে হোটেলখনৰ পৰা বহু নথিপত্ৰ জব্দ কৰে। ডেকাক জেৰাৰ বাবে অপৰাধ শাখাৰ কাৰ্যালয়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে।

এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে শুৱালকুছিৰ বামুন্দিৰ পৰা গ্ৰেপ্তাৰ কৰা কুশল দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাহুল ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে।

তদন্তকাৰী আৰক্ষীয়ে লগতে কেলেংকাৰিটোকত গ্ৰেপ্তাৰ কৰা আনকেইজন লোকৰো জেৰা অব্যাহত ৰাখিছে।

আনহাতে, কেলেংকাৰিটোৰ অন্যতম নায়ক হিচাপে চৰ্চিত হৈ পৰা বিজেপি নেতা দ্বন ডেকা পলাতক হৈ থকা কথাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

পূৰ্বৰে পৰা বহু দুৰ্নীতি-কেলেংকাৰিৰ সৈতে জড়িত হোৱাৰ অভিযোগ থকা দিবন ডেকাৰ তাৎক্ষণিক গ্ৰেপ্তাৰেহে আৰক্ষীৰ নিযুক্তি কেলেংকাৰিটোৰ প্ৰকৃত ৰহস্য উদ্ধাৰ সম্ভৱ কৰি তুলিব বুলি বিভিন্ন মহলে দাবী কৰিছে।

The post আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰি: লাহে লাহে খোল খাইছে মুখাৰ আঁৰৰ মুখ! appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3mWar7l
via IFTTT

Comments