হোজাইত উদ্ধাৰ হাতীৰ দাঁত, বনৰৌৰ বাকলি; দুজনক গ্ৰেপ্তাৰ
হোজাইৰ নগাঁও দক্ষিণ বন সংমণ্ডল আৰু মোৰাঝাৰ আৰক্ষীৰ যৌথ অভিযানত এটা ০.৮৪৮ কিলোগ্ৰাম ওজনৰ হাতী দাঁতৰ সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
বৃহস্পতিবাৰে হোজাইৰ জয়ানগৰ মাদ্ৰাছা অঞ্চলৰ পৰা লোক দুজনক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত লোক দুজনক আব্দুল্লা আহমেদ (৩৫) আৰু ছৈফুদ্দিন আহমেদ(৫০) বুলি চিনাক্ত কৰা হৈছে।
ডিএফঅ’ পুলক চৌধুৰীয়ে নৰ্থইষ্ট নাওক কয়, ‘’তেওঁলোকে এটা হাতী দাঁত বিক্ৰী কৰিবলৈ ওলোৱাৰ খৱৰ জানিব পাৰি আমি লোক দুজনক গ্ৰেপ্তাৰ কৰো।‘’
‘’হাতী দাঁত বিক্ৰী তথা ক্ৰয় কৰাটো এটা অপৰাধ,’’-তেওঁ লগতে কয়।
আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
আন এক ঘটনাত বন বিষয়াসকলে ৰাজবাৰী আৰু ডংকিগাঁৱৰ পৰা ৫.৭২৫ কিলোগ্ৰাম বনৰৌৰ বাকলি (Pangolin scales) উদ্ধাৰ কৰাৰ লগতে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা লোককেইজনক বীৰ সিং(৭৩), মোহন কুমাৰ ইংতি(৫৫), নিজামুদ্দিন(১৯) ব্ৰজকুমাৰ সিংহ(৩৬) আৰু ৰহমতুল্লা(৫৫)বুলি চিনাক্ত কৰা হৈছে।
The post হোজাইত উদ্ধাৰ হাতীৰ দাঁত, বনৰৌৰ বাকলি; দুজনক গ্ৰেপ্তাৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2S3GxzL
via IFTTT
Comments
Post a Comment