ডিমাপুৰত অসম-নাগালেণ্ডৰ সীমা বিবাদৰ বিষয়ক লৈ মুখ্য সচিব পৰ্যায়ত গুৰুত্বপূৰ্ণ বৈঠক…


ডিজিটেল সংবাদ, ৱাখাঃ অসম আৰু নাগালেণ্ডৰ মাজৰ আন্ত:ৰাজ্যিক সীমা বিবাদ আৰু অসমাজিক তথা অপৰাধী কাৰ্যকলাপ ৰোধৰ সন্দৰ্ভত আজি ডিমাপুৰৰ ছুমকেডিমাৰ আৰক্ষী ছাউনীৰ ৰ’ড্ৰড্ৰেডন কনফাৰেন্স হলত দুয়োখন ৰাজ্যৰ মাজত মুখ্য সচিব পৰ্যায়ত এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

এই উচ্চ পৰ্যায়ৰ বৈঠকত অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, মহাপৰিদৰ্শক মুকেশ আগৰৱালাকে ধৰি ডিমা হাচাও, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষ সকলে অংশগ্ৰহণ কৰে ।

আনহাতে নাগালেণ্ডৰ হৈ বৈঠকত প্ৰতিনিধিত্ব কৰে মুখ্য সচিব টেমজন টয় , আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰ গৃহ সচিব অভিজিত সিনহা, গৃহ আয়ুক্ত ৰেনছামো কিকনৰ লগতে ডিমাপুৰ, ৱাখা, মোককচাঙ লংলে , মন আৰু পেৰেন জিলাৰ আৰক্ষী অধীক্ষ কেইগৰাকীয়ে অংশগ্ৰহণ কৰে ।

বৈঠকত দুয়োখন ৰাজ্যই অসম -নাগালেণ্ড আন্তৰাজ্যিক সীমান্তৰ বিবাদক এলেকাত ডি এ বি আৰু এছ অ পি মোতায়েনৰ সন্দৰ্ভত আলোচনা কৰে। নাগালেণ্ডৰ মুখ্য সচিব টেমজন টয় আৰু ডি জি পি টি জন লংকুমাৰে অসম নাগালেণ্ড সীমান্তৰ বিবদমান অঞ্চলত কেন্দ্ৰীয় নিৰপেক্ষ বাহিনী নিয়োজিত কৰাৰ আৱশ্যকতাৰ গুৰুত্ব আৰোপ কৰে। সীমান্তত একপক্ষীয়ভাৱে অভিযান বা ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দুয়োখন ৰাজ্যৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰে বাবে নাগালেণ্ডৰ দৃষ্টিকোণৰ পৰা এছ অ পি মোতায়েনত বৰ্তমান বাধা সন্দৰ্ভত উপযুক্ত উপায় কথা আলোচনা কৰা হয়।

আলোচনাত অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু ডি জি পি ভাস্কৰজ্যোতি মহন্তই অসম – নাগালেণ্ড সীমান্তৰ বিবদমান এলেকাত দুয়োখন ৰাজ্য আৰক্ষীৰ নিয়মীয়া তহল , নিয়মীয়াকৈ সীমান্ত বৈঠক আয়োজন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য এই উচ্চ পৰ্যায়ৰ বৈঠকত দুয়োখন ৰাজ্যৰ মাজত উদ্ভৱ হোৱা সমস্যা দণ্ডাধিশ দ্বাৰা মীমাংসা, আৰক্ষীৰ মাজত পৰস্পৰৰ সহযোগিতা আৰু সীমান্ত অঞ্চলৰ অসমাজিক অপৰাধ ৰোধৰ বাবে যৌথ সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে অসম আৰু নাগালেণ্ডৰ সীমান্তত বাস কৰা লোকসকলৰ মাজত সদ্ভাৱ বৃদ্ধিৰ বাবে খেল ধেমালি আৰু সাংস্কৃতিক আদান প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হয় ।

The post ডিমাপুৰত অসম-নাগালেণ্ডৰ সীমা বিবাদৰ বিষয়ক লৈ মুখ্য সচিব পৰ্যায়ত গুৰুত্বপূৰ্ণ বৈঠক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2S0grxM
via IFTTT

Comments