অসম আৰ্দশ বিদ্যালয়ত অক্সৰ্ফোড বিশ্ববিদ্যালয়ৰ আৰ্হিত হ’ব পাঠদান : ৰাণা বশিষ্ঠ

ডিজিটেল সংবাদ,মঙলদৈ : ৰাজ্যখনত জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন থকাৰ পিছতো অসম সাহিত্য সভাই অসম আৰ্দশ বিদ্যালয় স্থাপন কৰিবলৈ বাধ্য হ’ল । কিয়নো কিছু বছৰৰ পৰা অসমৰ গাঁৱে ভূঞে কোনো পৰিবেশ নোহোৱাকৈ একাংশ বিদ্যালয় স্থাপন হৈছে। বহুত ঠাইত শিশু অৱস্থাৰ পৰা ছাত্ৰ ছাত্ৰী সকলক অপৰিকল্পিত ভাবে ইংৰাজী মাধ্যমত শিক্ষাদান দিয়াৰ ফলত অসমীয়া পঢ়িব, লিখিব নোৱাৰা হৈছে । ইয়াৰ ফলত অসমীয়া ভাষালৈ সংকট নামি আহিছে। ভাষা নাথাকিলে জাতিও নাথাকিব । সেয়ে আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত দশম শ্ৰেণীলৈ মাতৃভাষা বাধ্যতামূলক শিক্ষা ব্যৱস্থা কৰাৰ প্ৰয়াস কৰিছে। অসম আৰ্দশ বিদ্যালয়ত অক্সৰ্ফোড বিশ্ববিদ্যালয়ৰ আৰ্হিত হ’ব পাঠদান এইদৰে কয় দৰঙৰ দেওমৰনৈত সোমাবাৰে অসম সাহিত্য সভাৰ জাতীয় আৰ্দশ শিক্ষা সংসদৰ অসম আদৰ্শ বিদ্যালয় স্থাপন সম্পৰ্কে অনুস্থিত এখন সভাত অসম সাহিত্য সভাৰ জাতীয় আৰ্দশ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠই ।

দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুকুট হাজৰিকাই আঁতধৰা সভাখনত জাতীয় আৰ্দশ শিক্ষা সংসদৰ অধ্যক্ষ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে বক্তব্য আগবঢ়ায় কয় যে উক্ত বিদ্যালয়ত অসমীয়া ভাষাৰ ওপৰিও জনগোষ্ঠীয় ভাষা সমূহৰ লগতে ইংৰাজী, হিন্দী আৰু এক বিশেষ বিদেশী ভাষা শিক্ষাদান দিয়া হব । আমাৰ নৱপ্ৰজন্মই অকল নিজৰ ভাষাটো জানিলেই নহব, ইংৰাজী ভাষাও সলসলীয়াকৈ কব আৰু লিখিব পাৰিব লাগিব।

ৰাজবংশীয়ে লগতে কয় অভিভক্ত অসমৰ পাৰ্বত্য অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু খৃষ্টান মিছনাৰীয়ে প্ৰতিষ্ঠা কৰা ডনবস্কো বিদ্যালয় সমূহ সমসাময়িক ভাৱে স্থাপন কৰা হৈছে যদিও অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ চৰকাৰী কৰণ কৰাৰ লগে লগে মাতৃভাষাৰ প্ৰতি ভাবুকি আহি পৰিল । বিপৰীতে মিছনেৰী বিদ্যালয় সমূহ আজিও সপ্ৰতিভ ভাৱে জিলিকি আছে। সেয়েহে অসম সাহিত্য সভাই অসমীয়া ভাষা আগুৱাই নিয়াৰ স্বাৰ্থত অসম আৰ্দশ বিদ্যালয় স্থাপন কৰাৰ সিন্ধান্ত লয়।ৰাজ্যৰ অন্যান্য পৰ্য্যায়ৰ লগতে দৰং জিলাতো ১৫ খন অসম আৰ্দশ বিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে ।

সভাত ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ গণিত বিষয়ৰ অধ্যাপক ডঃ জ্ঞান জ্যোতি শৰ্মা,অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপ্ৰাত্ৰ চহিৰ ভূঞা , জাতীয় আৰ্দশ শিক্ষা সংসদৰ প্ৰচাৰ বিভাগৰ আহবায়ক মুকুট ৰাজ শৰ্মা, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কুলেন্দ্ৰ নাথ চহৰীয়া , সন্তোৰাম চহৰীয়া , দেওমৰনৈ শাখা সাহিত্য সভাৰ সভাপতি দেবেন্দ কুমাৰ মহন্ত , প্ৰাক্তন সভাপতি সৰ্বানন্দ শৰ্মা , আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । উক্ত সভাতেই কুলেন্দ্ৰ নাথ চহৰীয়াক সভাপতি , হৰমোহন কলিতাক কায্যকৰি সভাপতি , শচীন্দ্ৰ চহৰীয়াক সম্পাদক হিচাবে লৈ ১৬ জনীয়া এখনি পৰিচলনা সমিতি গঠন কৰা হয় ।

The post অসম আৰ্দশ বিদ্যালয়ত অক্সৰ্ফোড বিশ্ববিদ্যালয়ৰ আৰ্হিত হ’ব পাঠদান : ৰাণা বশিষ্ঠ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3cG4dnr
via IFTTT

Comments