কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰমীলা নাৰ্জাৰীৰ হত্যাকাৰীক
কোকৰাঝাৰ আৰক্ষীয়ে প্ৰমীলা নাৰ্জাৰীৰ হত্যাৰ গোচৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ কৰা লোকজনক ৰামফলবিল অঞ্চলৰ ২৯বছৰীয়া দেবৰাজ ওৰফে গণেশ নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে।
যোৱা ৯ ছেপ্টেম্বৰত কোকৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিশমুৰি অঞ্তলৰ সমীপত ৰহস্যজনক পৰিস্থিতিত প্ৰমীলা নাৰ্জাৰীক হত্যা কৰা অৱস্থাত পোৱা গৈছিল।
শনিবাৰে কোকৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰী আৰু বিশমুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষ.আ ৰজনী ৰাভাৰ নেতৃত্ব চলোৱা এক অভিযানত দেবৰাজক গ্ৰেপ্তাৰ কৰা হয়।
‘’তদন্তৰ সময়ত এইটো পোহৰলৈ আহে যে হত্যাৰ বলি হোৱা মহিলাগৰাকীয়ে দেবৰাজৰ সৈতে ২০১৭চনৰ পৰাই সম্পৰ্ক ৰক্ষা কৰি আছিল আৰু তেওঁক বিয়া কৰাবলৈ দেবৰাজক হেচা দিছিল,’-আৰক্ষীয়ে কয়।
‘’এজন বিবাহিত আৰু দুটি সন্তানৰ পিতৃ দেবৰাজে মহিলা গৰাকীক বিয়া পাতিবলৈ অস্বীকাৰ কৰিছিল,’’-আৰক্ষীয়ে কয়। কোকৰাঝাৰৰ ছেৰিকালশ্যাৰ বিভাগৰ এগৰাকী কৰ্মচাৰী প্ৰমিলা নাৰ্জাৰীও বিবাহিত আৰু তেওঁৰো তিনিটা সন্তান আছে।
তেওঁ কেইবছৰমান পূৰ্বে প্ৰথম স্বামীৰ মৃত্যুৰ পাছত আন এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
আৰক্ষীয়ে কয়,’’হত্যাৰ দিনাখন দুয়োজনে বিয়লি দেবৰাজৰ স্কুটীত কোকৰাঝাৰৰ পৰা বঙাইগাঁৱলৈ বিয়া পাতিবলৈ গৈ উভতি আহিছিল।‘’
‘’সন্ধিয়াপৰত বিশমুৰি পোৱাৰ পাছত দেবৰাজে নিজকে এনে পৰিস্থিতিৰ পৰা মুক্ত কৰাৰ বাসনা লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে থকা এখন আওহতীয়া ঠাইত স্কুটীখন ৰখায় আৰু এখন খুকুৰী উলিয়াই মহিলাগৰাকীৰ ডিঙিটো কাটি মৃতদেহটো তাত পেলায় থয়। হত্যাকাণ্ড সংঘটিত কৰি তেওঁ চিৰাঙৰ ৰুণীখাটা আমবাৰীত থকা তেওঁ ভনীয়েকৰ ঘৰলৈ যায় আৰু তাত আত্মগোপন কৰি থাকে,’’-আৰক্ষীয়ে জানিবলৈ দিয়ে।
শুকুৰবাৰে, আৰক্ষীয়ে তেওঁক আটক কৰা সেই স্থানলৈ তেওঁ আহিছিল।
‘’তেওঁ এই অপৰাধ কৰাৰ কথা স্বীকাৰ কৰিছে,’’-আৰক্ষীয়ে কয়।
তেওঁৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষী থানাত এটা (No. 505/2020 u/s 302 IPC) গোচৰ ৰুজু কৰা হৈছে।
অভিযুক্ত দেবৰাজক অধিক জেৰাৰ বাবে চাৰি দিনৰ আৰক্ষী জিম্মালৈ নিয়া হৈছে।
The post কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰমীলা নাৰ্জাৰীৰ হত্যাকাৰীক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3i4QTu4
via IFTTT
Comments
Post a Comment