চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ: যতীন বৰা আউট সুমন হৰিপ্ৰিয়া ইন

চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।

বিজেপিৰ এক উচ্চস্তৰীয় সুত্ৰই জনাইছে এই কথা।

অভিনেতা তথা বিজেপি নেতা যতীন বৰা নিগমৰ অধ্যক্ষৰ পদৰ দায়িত্বত আছিল।

কিন্তু কা আন্দোলনৰ সময়ত ৰাইজৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতি দি বিজেপি ত্যাগ কৰাৰ লগতে চলচিত্ৰ উন্নয়ন আৰু বিত্তীয় নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল যতীন বৰাই ৷

আনহাতে, কেইমাহমান পিছতে ৰত্নাকৰ খ্যাত যতীন বৰাই লুটিবাগৰ মাৰি সকলোকে আভুৱা ভাৰি পুনৰ বিজেপিত যোগদান কৰে ৷

ইয়াক লৈ বৰা ছ’চিয়েল মিডিয়াত যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷

তেওঁ বিজেপি দললৈ উভতি আহিল যদিও অৱশেষত নিগমৰ অধ্যক্ষৰ পদটো ধৰি ৰাখিব নোৱাৰিলে ৷

ইপিনে, মহিলাক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্যে হৰিপ্ৰিয়াক এই দায়িত্ব দিয়া হৈছে বুলি সূত্ৰটোৱে দাবী কৰে।

শনিবাৰে নিগমৰ অধ্যক্ষৰ দায়িত্বভাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব হৰিপ্ৰিয়াই।

The post চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ: যতীন বৰা আউট সুমন হৰিপ্ৰিয়া ইন appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/309co6y
via IFTTT

Comments