অথলে গ’ল মায়ংক আগৰৱালৰ শতকীয় ইনিংছ; পঞ্জাৱক ৪ উইকেটত হৰুৱালে ৰাজস্থানে
ৰাহুল তেৱতিয়াৰ এটা অ’ভাৰত পাঁচটা ছিক্সাৰেৰে সজোৱা বিস্ফোৰক ইনিংছৰ সহায়ত ৰাজস্থান ৰয়েলছে দেওবাৰে শ্বাৰজাহত কিংছ ইলেভেন পঞ্জাৱক ৪উইকেটত পৰাজিত কৰে।
মায়ংক আগৰৱালাৰ শতকীয় ইনিংছৰ সহায়ত কিংছ ইলেভেন পঞ্জাৱে বিশাল লক্ষ্য বান্ধি দিয়াৰ পাছত আইপিএলত আটাইতকৈ বিশাল লক্ষ্য অনুসৰণ কৰি বিজয় সাৱ্যস্ত কৰাৰ নিজৰ ১২ বছৰ পুৰণি ৰেকৰ্ড ভংগ কৰে ৰাজস্থান ৰয়েলছে।
ৰাজস্থানৰ সন্মুখত ২২৪ৰাণৰ বিশাল লক্ষ্য বান্ধি দিছিল পঞ্জাৱে। অন্তিম তিনি অ’ভাৰত ৰাজস্থানক বিজয়ৰ বাবে ৫১ৰাণৰ প্ৰয়োজন হৈছিল।
কিন্তু তেৱতিয়াই ৩১টা বলত সাতটা ছয়ৰ সহায়ত খেলা ৫৩ৰাণৰ ইনিংছটোৱে সকলোকে স্তম্ভিত কৰি তোলে। তেওঁ শ্বেল্ডেন কোটৰেলৰ ইনিংছটোৰ ১৮তম অ’ভাৰত পাঁচটা ছয় মাৰি গোটেই সমীকৰণ সলনি কৰি দিয়ে।
নতুন বেটছমেন জোফ্ৰা আৰ্চাৰেও মহম্মদ ছামীৰ এটা অ’ভাৰত একেৰাহে দুটা ছয় মাৰে। ৰাজস্থানে ১৯.৩ অ’ভাৰত ছয় উইকেটৰ বিনিময়ত ২২৬ৰাণ কৰি বিজয় সাৱ্যস্ত কৰে। দলটোৱে অন্তিম পাঁচ অ’ভাৰত ৮৬ৰাণ কৰে।
আনহাতে, প্ৰথমে বেটিং কৰি আইপিএলৰ নৱমখন মেচত কিংছ ইলেভেন পঞ্জাৱৰ মায়ংক আগৰৱালে এক সুন্দৰ শতকীয় ইনিংছ উপহাৰ দিয়ে। সেইদৰে অধিনায়ক লোকেশ ৰাহুলেও অৰ্দ্ধশতক কৰে।
মায়ংক আগৰৱালে ৫০টা বলত ১০৬ৰাণ কৰে য’ত আছিল দহটা চাৰি আৰু সাতটা ছয়। পূৰ্বৰ মেচখনত শতক অৰ্জন কৰা ৰাহুলে ৫৪টা বলত ৬৯ৰাণ কৰে। তেওঁ ইনিংছটো সাতটা চাৰি আৰু এটা ছয়েৰে সজায়।
পঞ্জাৱৰ অন্তিমটো অ’ভাৰত নিকোলাচ পুৰনে দীঘলীয়া ছয় মৰাৰ পৰম্পৰা অব্যাহত ৰাখে। তেওঁ আঠটা বলত ২৫ৰাণ কৰি অপৰাজিত হৈ ৰয়।
ৰাজস্থানৰ হৈ সঞ্জু ছেমছনে ৪২টা বলত চাৰিটা চাৰি আৰু সাতটা ছয়ৰ সহায়ত ৮৫ৰাণৰ ইনিংছ খেলে। তদুপৰি, ষ্টিভ স্মিথে সাতটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ২৭টা বলত ৫০ ৰাণ কৰে।
ছেমছনক তেওঁৰ সুন্দৰ ইনিংছটোৰ বাবে মেন অফ দ্য মেচৰ পুৰষ্কাৰ দিয়া হয়।
The post অথলে গ’ল মায়ংক আগৰৱালৰ শতকীয় ইনিংছ; পঞ্জাৱক ৪ উইকেটত হৰুৱালে ৰাজস্থানে appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3idGgox
via IFTTT
Comments
Post a Comment