অযোধ্যা গোচৰৰ ৰায়দান : উত্তৰ প্ৰদেশ আৰক্ষীৰ হাই এলাৰ্ট….

ডিজিটেল ডেস্ক : বুধবাৰে লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতত বাবৰি মছজিদ ভঙা (অযোধ্যা গোচৰ)ৰ চূড়ান্ত ৰায়দানৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাজ্যজুৰি সতৰ্কতা অবল্বৱন কৰিছে। অৰক্ষীৰ উচ্ছ পদস্থ বিষয়াই এই কথা জানিবলৈ দিয়ে। ৰায় ঘোষনাৰ পিছত কোনো আইন শৃখলা জনিত কাৰনৰ বাবে জিলা আৰক্ষী সকলক সতৰ্ক কৰি দিয়া হৈছে । লক্ষ্ণৌ,অযোধ্যোত সহ জিলা সমূহত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ।

লক্ষ্ণৌ আৰু তাৰ সমীপৰ লগতে আযোধ্যাত মানুহৰ চলাচল আৰক্ষীয়ে নজৰ ৰখাৰ লগতে ৰায়দানৰ আগত আৰু ৰায়দানৰ পিছত জন সমাবেশৰ অনুমতি নিদিবলৈ নিৰ্দেশ দিয়া হৈছে । উচ্চ ন্যায়ালয় আৰু চিবি আই বিশেষ আদালতৰ চৌহদত লক্ষ্ণৌ আৰক্ষীৰ লগতে চিআৰপিএফ বাহিনী মোতায়ন কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

The post অযোধ্যা গোচৰৰ ৰায়দান : উত্তৰ প্ৰদেশ আৰক্ষীৰ হাই এলাৰ্ট…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SdfGSe
via IFTTT

Comments