ডোনাল্ড ট্ৰাম্পৰ অভিযোগ : ভাৰতে কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ শুদ্ধ পৰিসংখ্যা দিয়া নাই…

ডিজিটেল ডেস্ক : আমেৰিকাৰ প্ৰেছিডেণ্সিয়েল আলোচনাত ডেমক্ৰেটিক প্ৰাৰ্থী জো বাইডেনৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা সন্দৰ্ভত বক্তব্য ৰাখে ৰাষ্ট্ৰপতি জনে কোৰোনা ভাইৰাছৰ বাবে আমেৰিকা মৃত্যু হোৱা লোক সন্দৰ্ভ ত বক্তব্য ৰখাৰ লগতে চীন,ৰাচিয়াৰ সৈতে ভাৰতেও কোৰোনা ভআইৰাচত মৃত্যু হোৱা লোকৰ সংখ্যা সঠিক ভাবে দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে ।

ট্ৰাম্পে লগতে কয় আমেৰিকাত উচিত সময়ত লকডাউন নিদিলে ইয়াতকৈও অধিক লোকে কোৰোনাত মৃত্যু হ’ল হেতেন । ট্ৰাম্পে ভাষনত কয়- যদি আমি দেশখন খোলা ৰাখিলো হৈ ২ লাখত কৈ অধিক লোকৰ মৃত্যু হ’ল হেতেন । এয়া চীনৰ ভুল । যদি মৃত্যুৰ পৰিসংখ্যাৰ কথা কোৱা হয় আপুনি জানেনে চীনত কিমান লোকৰ মৃত্যু হৈছে । ৰাচিয়া কিমান সংখ্যৰ মৃত্যু হৈছে অথবা ভাৰতত কিমান মৃত্য়ু হৈছে । এই দেশ সকলে মৃত্যুৰ সঁচা পৰিসংখ্যা নিদিয়ে ।

The post ডোনাল্ড ট্ৰাম্পৰ অভিযোগ : ভাৰতে কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ শুদ্ধ পৰিসংখ্যা দিয়া নাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3n4jseM
via IFTTT

Comments