মেঘালয়ত ভূমিস্খলনত দুগৰাকী মহিলা ক্ৰিকেটাৰ নিহত, তিনিগৰাকী সন্ধানহীন
মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ মুনেইত এক ব্যাপক ভূমিস্খলনৰ ফলত দুগৰাকী মহিলা ক্ৰিকেটাৰে মৃত্যুক সাৱটি লোৱাৰ লগতে আন তিনিগৰাকী সন্ধানহীন হৈ পৰিছে।
বিগত ছয়দিন ধৰি ৰাজ্যখনত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতেই এই ভূমিস্খনৰ ঘটনা সংঘটিত হৈছিল।
বাতৰি অনুসৰি, ক্ৰিকেটাৰ ৰাজিয়া আহমেদ আৰু ফিৰোজা খানৰ মৃতদেহ ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে। ৰাজিয়া আহমেদে ৰাজ্যখনৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিল।
পূব খাচী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক ছিলভেষ্টাৰ নংটাইঙাৰে কয় যে সন্ধানহীন লোককেইজনক উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে।
মেঘালয় ক্ৰিকেট সংস্থাৰ সাধাৰণ সচিব গিডেৱন খাৰকংগাৰে কয় যে ৰাজিয়াই ২০১১-১২চনৰ পৰাই বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিছিল।
বৃহস্পতিবাৰে পুৱা শ্বিলঙত তেওঁলোকৰ কোৱাৰ্টাৰৰ পৰা ধ্বংসাৱশেষসমূহ পৰিষ্কাৰ কৰিবলৈ নিয়োগ কৰা দুগৰাকী কৰ্মীৰ বৃহস্পতিবাৰে মৃত্যু হয়।
ৰাজ্যখনৰ বিভিন্ন ঠাইত ভূমিস্খলনৰ বাতৰি পোৱা গৈছে আৰু গড়কাপ্তানি বিভাগৰ কৰ্মীসকলক ধ্বংসৱশেষসমূহ পৰিষ্কাৰ কৰাৰ কামত লগোৱা হৈছে।
পশ্চিম খাচী পাহাৰ জিলাৰ মৌচিনৰাট-থাইয়েমত ৰিয়াংডো-বামিল পথৰ আৰু মৌচিনৰাট-হাহিম পথৰ একাংশ ক্ষতিগ্ৰস্ত হোৱাত যানবাহনৰ যাতায়ত প্ৰভাৱিত হৈ পৰিছে।
দুয়োখন জিলাক সংযোগিত কৰি ৰখা ৬২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা ডুমনিকুৰা কাঠৰ দলংখন উটুৱাই নিয়াৰ ফলত বৃহস্পতিবাৰৰ পৰা দক্ষিণ গাৰো পাহাৰ জিলা পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা বিচ্ছিন্ন হৈ আছে।
The post মেঘালয়ত ভূমিস্খলনত দুগৰাকী মহিলা ক্ৰিকেটাৰ নিহত, তিনিগৰাকী সন্ধানহীন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/308Cff7
via IFTTT
Comments
Post a Comment