শিক্ষা সংসদৰ দায়িত্বহীন কাণ্ডঃ উচ্চতৰ মাধ্যমিকৰ দুয়োটা বৰ্ষৰ বাবে অৰ্থবিজ্ঞানত একেখনেই বিনামূলীয়া পাঠ্যপুথি….

ডিজিটেল সংবাদ, শিমলুগুৰিঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অসমৰ শিক্ষাজগতত এক আমোল পৰিবৰ্তন আনিবলৈ চেষ্টা কৰাৰ সময়তে শিক্ষা বিভাগৰ এক আজৱ কাণ্ড পোহৰলৈ আহিছে ৷ বিভাগটোৱে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷
নতুন শিক্ষা নীতিৰে ছাত্ৰ ছাত্ৰীক মুল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি তুলিব বিচৰা শিক্ষা বিভাগে প্ৰস্তুত কৰা পাঠ্যপুথিত ব্যাপক বিসংগতি হোৱা পৰিলক্ষিত হৈছে ৷ প্ৰাপ্ত তথ্য মতে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত পাঠ্যপুথিৰ অাধাৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰকাশিত পাঠ্যপুথিত ওলাই পৰিছে সংসদৰ কাণ্ডজ্ঞানহীনতা কাৰ্য ৷

অভিযোগ অনুসৰি, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশিত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ ‘ব্যষ্টিবাদী অৰ্থ বিজ্ঞান পৰিচয়’ পাঠ্যপুথিখন প্ৰথম আৰু দ্বিতীয় দুয়োটা বৰ্ষৰ বাবে একেখন পাঠ্যপুথিকে বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা হৈছে ৷

সুদীৰ্ঘ দিন কৰ’না সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ পিছত শেহতীয়াকৈ বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হোৱাত চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা পাঠ্যপুথি দুখনৰ এই বিসংগতি ছাত্ৰ ছাত্ৰীসকলৰ লগতে একাংশ সচেতন ব্যক্তিয়ে ধৰা পেলায় ৷

বিশেষকৈ লখিমপুৰ জিলাৰ পশ্চিমাঞ্চলৰ ৰাজগড় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, শংকৰাচাৰ্য একাডেমী, শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যোগান ধৰা পাঠ্যপুথিৰ উক্ত বিষয়ত এই বিসংগতি ধৰা পৰিছে ৷ফলত ছাত্ৰ ছাত্ৰীসকলকৰ লগতে অভিভাৱকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
The post শিক্ষা সংসদৰ দায়িত্বহীন কাণ্ডঃ উচ্চতৰ মাধ্যমিকৰ দুয়োটা বৰ্ষৰ বাবে অৰ্থবিজ্ঞানত একেখনেই বিনামূলীয়া পাঠ্যপুথি…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3mW7bc7
via IFTTT
Comments
Post a Comment