ঋণৰ সময়সীমা বঢ়োৱা সন্দৰ্ভত গ্ৰাহকে স্বস্তি পাবনে ? ১ অক্টোবৰত ব্যক্ত কৰিব চৰকাৰে…

ডিজিটেল ডেস্ক : সোমবাৰে ঋণৰ সময়মীমা বঢ়োৱা সন্দৰ্ভত শুনানি স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে । চৰকাৰে এই সন্দৰ্ভত আদালতৰ পৰা সময় বিচাৰে । চৰকাৰে সময় বিচৰা বাবে যাৰ বাবে ৫ অক্টোবৰলৈ এই শুনানি পিচুওৱা হয় ।
সোমবাৰে কেন্দ্ৰই কয় এই সন্দৰ্ভত চৰকাৰৰ স্থিতি সম্পৰ্কে বিষদ ভাবে উত্থাপন কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন । খবৰ অনুসৰি চৰকাৰে ১ অক্টোবৰত আদালতত এফিডেফিট দাখিল কৰাৰ সম্ভাৱনা আছে । চৰকাৰে এই সন্দৰ্ভত বিভিন্ন ক্ষেত্ৰত ঋণৰ ম্যদ বৃদ্ধি সন্দৰ্ভত বক্তব্য ৰখাৰ সম্ভাৱনা আছে । চৰকাৰে ৰিজাৰ্ভৰ বেংকৰ নিয়ম অনুসৰি দুবছৰ পৰ্যন্ত ঋণৰ ম্যাদ বঢ়াব পৰা যায় বুলি মন্তব্য কৰিছিল ।
The post ঋণৰ সময়সীমা বঢ়োৱা সন্দৰ্ভত গ্ৰাহকে স্বস্তি পাবনে ? ১ অক্টোবৰত ব্যক্ত কৰিব চৰকাৰে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33a5vnt
via IFTTT
Comments
Post a Comment