বকোত অচিনাকী লোকৰ মৃতদেহ উদ্ধাৰ….

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত বুধবাৰে পুৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত শাখাতি-গোপালপুৰ গড়কাপ্তানি পথৰ শাখাতিত স্থানীয় ৰাইজে তেজে তুমুৰলিহৈ এজন লোকৰ মৃতদেহ পৰি থকা দেখিবলৈ পাই বকো আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিতহৈ মৃতদেহটো বকো থানালৈ নিয়ে। ডিঙিত তাঁৰেৰে মেৰিয়াই বন্ধা আৰু ডিঙিৰ কাষত চোকা অস্ত্ৰৰে আঘাতৰ চিন স্পষ্ট লোকগৰাকীৰ এতিয়ালৈকে চিনাক্ত হোৱা নাই। স্হানীয় ৰাইজে লোকগৰাকীক অইন ঠাইত হত্যাকৰি আনি সেই ঠাইত পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

The post বকোত অচিনাকী লোকৰ মৃতদেহ উদ্ধাৰ…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jb5Agm
via IFTTT

Comments