ক্ৰমাৎ বৃদ্ধি কোৰোনাৰ সংক্ৰমণ! দেশত ২৪ ঘন্টাত ৮৮,৬০০জন নতুনকৈ আক্ৰান্ত…

ডিজিটেল ডেস্কঃ ভাৰতসহ সমগ্ৰ বিশ্বতে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। প্ৰায় ১৮০খন দেশে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে। সমগ্ৰ বিশ্বত বৰ্তমানলৈ ৩.২৮ কোটিৰো অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। আৰু এই ভাইৰাছে কাঢ়ি নিছে ৯.৯৪ লক্ষাধিক লোকৰ প্ৰাণ।

এই ভাইৰাছৰ সংক্ৰমণ ভাৰততো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে। দেশত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৫৯,৯২,৫৩২জনলৈ পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত (শনিবাৰৰ পুৱা ৮ বজাৰ পৰা দেওবাৰৰ পুৱা ৮ বজালৈ) দেশত আকৌ ৮৮,৬০০জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

The post ক্ৰমাৎ বৃদ্ধি কোৰোনাৰ সংক্ৰমণ! দেশত ২৪ ঘন্টাত ৮৮,৬০০জন নতুনকৈ আক্ৰান্ত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Htvk9K
via IFTTT

Comments