দীপাৱলীত আন্ধাৰ বিনাশিবলৈ সাজু কৰা হৈছে গোবৰেৰে প্ৰস্তুত ১১ কোটি চাকি

ক’ৰ’ণাতংকৰ বাবেই ম্লান পৰিছে উৎসৱৰ আনন্দ।

দুৰ্গা পূজা সমাগত যদিও  কোভিড প্ৰট’কলে যেন উৎসৱৰ আনন্দক বান্ধি ৰাখিছে।

দুৰ্গা পূজাৰ কিছুদিন পিছতেই আহিব পোহৰৰ উৎসৱ দীপাৱলী।

ক’ৰ’ণাতংক ৰ বাবেই দীপাৱলীৰ আনন্দতো য’তি পৰাৰ সম্ভাৱনা আছে যদিও দীপাৱলীত প্ৰজ্বলন কৰিবলৈ এইবাৰ এটা সংস্থাই সাজু কৰিছে ১১ কোটি বিশেষ চাকি।

এই চাকি মাটিৰে প্ৰস্তুত কৰা হোৱা নাই,এই চাকি প্ৰস্তুত কৰা হৈছে গোবৰেৰে। ৰাষ্ট্ৰীয় কামধেনু আয়োগে দেশৰ বিভিন্ন বেচৰকাৰী সংস্থা,মহিলা গোট আদিক জৰিত কৰি সাজি উলিয়াইছে পৰিবেশ বান্ধৱ ১১ কোটি গোবৰৰ চাকি।

গো মায়া দিয়া প্ৰকল্পৰ অধীনত সাজি উলিওৱা এই চাকি সমূহ প্ৰেৰণ কৰা হব দেশৰ বিভিন্ন প্ৰান্তলৈ।

ৰাষ্ট্ৰীয় গো আয়োগৰ অধ্যক্ষ বল্লভ কাথিৰিয়াই প্ৰকাশ কৰা মতে দেশত এইবাৰেই প্ৰথম এনেদৰে বৃহৎ মাত্ৰাত গোবৰৰ চাকি প্ৰস্তুত কৰা হৈছে।

এই কাৰ্যৰ জৰিয়তে পৰিবেশ বান্ধৱ চাকিও উৎপাদন হব আৰু বহুতে কিছু পৰিমাণে হ’লেও আৰ্থিক সকাহ লাভ কৰিব।

বজাৰৰ পৰা চীনৰ বৈদ্যুতিক চাকি অন্তৰ্ধান হোৱাৰ সময়ত গোবৰৰ চাকিয়ে মানুহক আকৰ্ষণ কৰিব পাৰিব বুলি ভবা হৈছে।

The post দীপাৱলীত আন্ধাৰ বিনাশিবলৈ সাজু কৰা হৈছে গোবৰেৰে প্ৰস্তুত ১১ কোটি চাকি appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2S6CItY
via IFTTT

Comments