কোকৰাঝাৰত দুই কেজি হিৰোইন জব্দ, দুজনক আটক…

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শিমলটাপু আৰক্ষী চকীৰ অন্তৰ্গত ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু চিআৰপিএফেয়ে যৌথ অভিযান চলাই দুই কেজি হেৰোইন সহিতে দুজন লোকক আটক কৰিছে । GJ01 ET3067 নম্বৰ এখন কণ্টেইনাৰ ট্ৰাকেৰে হেৰোইনখিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে তালাচী চলাই দুইকেজি হেৰোইন জব্দ কৰিবলৈ সক্ষম হয় ।

হেৰোইনখিনিৰ বজাৰ মুল্য ৮ কোটি টকা হব বুলি সংবাদমেলত সদৰি কৰিছে জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই । কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত হোৱা এক সংবাদমেলত জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই কয় যে এক গোপন সূত্ৰৰ পম খেদি GJ01 ET3067 নম্বৰ এখন কণ্টেইনাৰ ট্ৰাকত আৰক্ষীয়ে কালি নিশা ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলায় ।

ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই অনা দুইকেজি হিৰোইন আৰক্ষীয়ে জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক বিকাশ কুমাৰ আৰু অনিল কুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আজিৰ সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰকে ধৰি চিআৰপিএফ উচ্চপদস্থ্য বিষয়াসকল উপস্থিত আছিল ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kup7tZ
via IFTTT

Comments