আজি জন্মাষ্টমী…

ডিজিটেল ডেস্কঃ আজি জন্মাষ্টমী। কৃষ্ণ ভক্তসকলে উলহ-মালহে উদযাপন কৰিছে জন্মাষ্টমী। কেৱল ভাৰততেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশ্বাস অনুসৰি আজি নিশাই দৈবকীৰ গৰ্ভৰ পৰা জন্ম হৈছিল শ্ৰীকৃষ্ণৰ।
হিন্দু সকলৰ এই পবিত্ৰ বিশ্বাসৰ সৈতে বহু কাহিনী জড়িত হৈ আছে। এই পবিত্ৰ উৎসৱ উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান কৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষতৰ অষ্টমী তিথিত হৈছিল। অসমতো জন্মাষ্টমী উপলক্ষে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে। কোভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে এইবাৰ বহু অনুষ্ঠান বাতিল কৰা হৈছে।
মথুৰাত জন্মাষ্টমীক লৈ বিৰাজ কৰিছে উৎসৱমুখৰ পৰিবেশ। শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে চৌদিশ। অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালেও জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীক ওলগ জনাইছে। হিন্দুসকলৰ বিশ্বাস অনুসৰি যেতিয়া পৃথিৱীত অন্যায়-অত্যাচাৰেৰে ভৰি পৰিছিল, তেতিয়াই পৃথিৱীবাসীক ৰক্ষা কৰিবলৈ আৰু শুদ্ধ পথ দেখুৱাবলৈ ভগৱান বিষ্ণুৱে মানুহৰ ৰূপ ধৰি জন্মগ্ৰহণ কৰিছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zFsQLy
via IFTTT
Comments
Post a Comment