নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মান কাৰ্য্য বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্য্যসূচী…

ডিজিটেল সংবাদ ,ধেমাজিঃ শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ এটি সজাটি দলে এন এইচ পি চিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল ৷ উল্লেখযোগ্য যে আজি কিছু দিনৰে পৰা হৈ থকা বৰষুণৰ ফলত হোৱা সোৱনশিৰি নদীৰ বাঢ়নীয়ে এন এইচ পি চিৰ বান্ধ টোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা লগতে অঞ্চলবাসী ৰাইজৰ বাবে বিপদাপন্ন হৈ পৰিছে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সংগঠনে অসমৰৰ জাতীয়তাবাদী সংগঠন হিচাপে এই সমস্যা সমূহ পৰ্য্যবেশনৰ বাবে এন এইচ পি চিৰ গেইটৰ সন্মুখত উপস্থিত হৈছিল ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সজাটি দলটক এন এইচ পি চিৰ কতৃপক্ষই গেইটৰ সন্মুখৰ পৰাই বাধা প্ৰদান কৰিলে ৷

এনে বাধা প্ৰদানৰ কাৰ্য্যত ক্ষোভিত হৈ প্ৰায় দুই শতাধিক যুৱ ছাত্ৰ কৰ্মীয়ে দিল্লী দিশপুৰ হায় হায় , এন এইচ পি চি হায় হায় , এন এইচ পি চিৰ গুণ্দাগিৰি নচলিব , এন এইচ পি চিৰ নিৰ্মাণ কাৰ্য্য শীঘ্ৰেই বন্ধ কৰক , জয় আই অসম ইত্যাদি শ্লো’গানেৰে প্ৰতিবাদ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন এইচ পি চিৰ প্ৰতিকৃতি দাহ কৰে ৷ প্ৰতিবাদৰস্হলিতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমাইয়ে এন এইচ পি চিৰ এনে কাৰ্য্যক তীব্ৰ প্ৰতিবাদ জনায়৷

বক্তব্যত চাংমাইয়ে নামনি সোৱণশিৰি ৰাইজৰ সম্ভাব্য বিপদৰ সম্পৰ্কে উল্লেখ কৰি বৰ্তমান শাসনত থকা দিল্লী আৰু দিছপুৰৰ প্ৰতিনিধি বৰ্গই এন এইচ পি চিক লৈ যি কৰিছে সেইটো কেতিয়াও মানি নলওঁ ৷ প্ৰসংগ ক্ৰমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক চাংমাইয়ে কয় যে ২০১৪ পূৰ্বে কেন্দ্ৰীয় বিজেপি প্ৰাক্তন সভাপতি ৰাজ নাথ সিঙে অসম আৰু দিল্লীৰ প্ৰতিনিধি সকলৰ সতে আহি এই এন এইচ পি চিৰ বৃহৎ বান্ধ কেন্দ্ৰৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ হলে কেতিয়াও হ’বলৈ নিদিও বক্তব্য ৰাখি ৰাইজক কথা দিছিল ৷ এই ৰাজ নাথ সিঙৰ ৰাইজক কোৱা কথা ক’ত ৰাখিলে কেন্দ্ৰীয় মন্ত্ৰী ৰাজ সিঙক সমালোচনা কৰে ৷

পিছত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কৰ্মী সকলৰ সৈতে গোগামুখৰ ৰাজচক্ৰ বিষয়াই উপস্থিত হৈ বিষয়টো আলোচনা কৰিব বিচাৰিছিল যদিও পৰিষদৰ কৰ্মী সকলে মান্তি নহল ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী দ্বয় ৰাতুল বৰগোহাঁই , স্বৌৰভ দাস , কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু যোগাযোগৰ সম্পাদক চাবিৰ আহমেদ , কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহ প্ৰদীপ শৰ্মাৰ লগতে ধেমাজি আৰু লখিমপুৰ জিলাৰ সভাপতি , সম্পাদকো উপস্থিত আছিল ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3mDwWjS
via IFTTT

Comments