পুৱাৰ খবৰ…

১. অসমৰ পুনৰ ৫৮৬জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১২৩ জন কামৰূপ মেট্ৰ’ৰ, ৭১জন গোলাঘাটৰ, ৩৬জন বৰপেটাৰ আৰু ৩৬জন যোৰহাটৰ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৮৮০২৫জনলৈ পাইছে বৃদ্ধি। ইফালে, শনিবাৰৰ দিনটোত অসমত সুস্থ হয় ৬৭৫জন লোক। আনহাতে, উক্ত দিনটোত কোৰোনাত আক্ৰান্ত ৯জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬০৮৭জন ৰোগী।

২. অসমৰ  মুখ্য সচিব,  তথা  অসম চৰকাৰৰ শক্তি বিভাগ ক্ৰমে  এ.পি.ডি.চি.এল, এ.পি.জি.চি.এল., এ.ই.জি.চি.এলৰ অধ্যক্ষ  জিষ্ণু বৰুৱা  দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শুকুৰবাৰে বিয়লি  নামৰূপ তাপ  বিদ্যুৎ কেন্দ্ৰত উপস্থিত হৈ ইতিমধ্যে নিৰ্মান কাৰ্য্য সম্পূৰ্ণ হোৱা এশ মেগৱাট ৰিপ্লেচ মেণ্ট প্ৰকল্প  পৰিদৰ্শন কৰে । নামৰূপ থাৰ্মেল ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্ট পৰিদৰ্শন কৰি অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই  শনিবাৰে সংবাদ মাধ্যমৰ আগত নিজ মত দাঙি ধৰি কয় যে- অসমৰ ৰাইজৰ প্ৰত্যাশিত  নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ এশ মেগৱাট ৰিপ্লেচ মেণ্ট প্ৰকল্পই যোৱা  ১৬ জুলাইৰ পৰা  কমাৰ্চিয়েল প্ৰডাকচন আৰম্ভ কৰিলে।  বৰ্তমান ৬২  মেগৱাট বিদ্যুৎ  গেছ টাৰবাইনটোৱে উৎপাদন  দি আছে। বিয়লিলৈ  ষ্টীম টাৰবাইনটো চলিব বুলি উল্লেখ কৰে ।

৩. শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ এটি সজাটি দলে এন এইচ পি চিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল ৷ উল্লেখযোগ্য যে আজি কিছু দিনৰে পৰা হৈ থকা বৰষুণৰ ফলত হোৱা সোৱনশিৰি নদীৰ বাঢ়নীয়ে এন এইচ পি চিৰ বান্ধ টোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা লগতে অঞ্চলবাসী ৰাইজৰ বাবে বিপদাপন্ন হৈ পৰিছে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সংগঠনে অসমৰ জাতীয়তাবাদী সংগঠন হিচাপে এই সমস্যা সমূহ পৰ্য্যবেশনৰ বাবে এন এইচ পি চিৰ গেইটৰ সন্মুখত উপস্থিত হৈছিল ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সজাটি দলটক এন এইচ পি চিৰ কতৃপক্ষই গেইটৰ সন্মুখৰ পৰাই বাধা প্ৰদান কৰিলে ৷

৪. ডিমা হাছাও কাণ্ড সন্দৰ্ভত প্রতিক্রিয়া কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাং। বিদ্রোহীৰ বিৰুদ্ধে No Food No Shelter নীতি অৱলম্বন কৰা হৈছে । কাৰ্বি আংলঙৰ সকলো উগ্রপন্থী সংগঠন ঘূৰি আহিব মূলসূঁতিলৈ । উগ্রপন্থীসকলে অতি শীঘ্রে শান্তি চুক্তি কৰিব চৰকাৰৰ সৈতে। তেওঁলোকৰ কিবা বেলেগ আপত্তি থাকিলে আলোচনা কৰক চৰকাৰৰ সৈতে। শান্তি প্রতিষ্ঠাৰ হকে সকলৱে কাম কৰক। মানুহক অত্যাচাৰ নকৰিবলৈ উগ্রপন্থীসকলক আহ্বান CEM গৰাকীৰ।

৫. ৰঙিয়াত সদৌ অসম ছাত্র সন্থাৰ উত্তাল প্রতিবাদ। ৰঙিয়া নগৰত বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত আছুৰ এই প্রতিবাদ। এনটি ৰোডত আছুৰ মানৱ শৃংখল। নগৰখনৰ জৰাজীৰ্ণ পথ সমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাৰ অভিযোগ। লোক নিৰ্মাণ বিভাগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্রতিবাদ।

৬. ড্রাগছৰ বিৰুদ্ধে অব্যাহত মহানগৰ আৰক্ষীৰ অভিযান। মালিগাঁও গোটানগৰত আৰক্ষীৰ অভিযান। অভিযানত আৰক্ষীয়ে আটক কৰে ৩ সৰবৰাহকাৰী। ধৃত প্রাঞ্জল দাস, ৰাজু আলী, মুস্তাফা আহমেদ। দীৰ্ঘদিন ধৰি ৩ সৰবৰাহকাৰীয়ে মহানগৰত বিক্রী কৰি আহিছিল ড্রাগছ। ধৃত কেউজনৰ পৰা ২৫ গ্রাম ড্রাগছ, ৩টা ম’বাইল ফোন জব্দ। সৰবৰাহকাৰীকেইটাৰ পৰা এখন ছুইফট বাহনো জব্দ।

৭. মহানগৰীৰ পূব শৰণীয়াত গ্রেপ্তাৰ ৪ ড্রাগছ মাফিয়া। ড্রাগছ মাফিয়া কেইটাৰ পৰা জব্দ ২.৭৯ গ্রাম হেৰ’ইন। জব্দ ২৮টা ড্রাগছ ভৰ্তি কণ্টেইনাৰ। দুটা ৰাইফল, ৭টা মোবাইল ফোনো জব্দ। গ্রেপ্তাৰ জনী আলী, আলটাফ উদ্দিন লস্কৰ, অশোক ছেত্রী, ৰাহুল দাস। পূৰ্বতে হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত আছিল জনী আলী

৮. ছাইবুৰ ঘনিষ্ঠ আইনুল আলীৰ ঘৰত অভিযান। আইনুল আলীও মাটিৰ ব্যৱসায়ৰ লগত জড়িত। আইনুল পূৰ্বে ব্রহ্মপুত্র ব’ৰ্ডৰ কৰ্মী হিচাপে কৰ্মৰত আছিল। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ছাইবুৰ ৰহমানৰ সিজুবাৰীৰ ৩১ নং ঘৰত অভিযান চলোৱা হৈছিল। আফজাল হুছেইনৰ ঘৰত অভিযান মুখ্যমন্ত্রী তদাৰকী শাখাৰ। ছাইবুৰ ৰহমানৰ লগত সু-সম্পৰ্ক আছিল আফজাল হুছেইনৰ। মাটি-বাৰি ব্যৱসায়ৰ সৈতেও জড়িত ছাইবুৰ ৰহমান। চাকৰিৰ পূৰ্বৰে পৰা মাটি ব্যৱসায়ৰ লগত জড়িত ছাইবুৰ।

৯. লামডিঙত বৃহৎ পৰিমাণৰ অগৰ কাঠ জব্দ। জব্দ AS02 BC 7828 নম্বৰৰ গাড়ীসহ ১০ বস্তা অগৰ কাঠ। ডিমাহাচাৱৰ পৰা হোজাইলৈ সৰবৰাহ কৰা হৈছিল কাঠখিনি। আটক নিজামুদ্দিন নামৰ এজন ব্যৱসায়ী আৰু গাড়ী চালক ।

১০. কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ে উত্তৰ-পূৰ্বাঞ্চলক লৈ হাতত লৈছে কেতবোৰ বিশেষ আঁচনি। শনিবাৰে দিনৰ প্ৰায় ১১ বজাত গুৱাহাটীৰ খানাপাৰা প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আয়ুস মন্ত্ৰালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীসকলৰ এখন বিশেষ সভা। এই অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বন্তি জ্বলাই সভাখন আৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় আয়ুস বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WAFjl2
via IFTTT

Comments