গৰৈমাৰীত নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ এগৰাকী প্ৰভূত সম্ভাৱনাপূৰ্ণ শিক্ষাৰ্থী ঢকুৱাখনা নগৰৰ সাংস্কৃতিকভাৱে আগৰণুৱা যুৱতী নন্দিতা শইকীয়াৰ আত্মাৰ সদগতিৰ কামনাৰে গৰৈমাৰীত শুকুৰবাৰে সন্ধিয়া শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ উল্লেখ্য যে এটা বৰ্বৰ প্ৰকৃতিৰ হত্যাকাৰীৰ নিৰ্মম আক্ৰমণত চিকিৎসাধীন অৱস্থাত ২৫ আগষ্টত নন্দিতা শইকীয়াই শেষ নিশ্বাস ত্যাগ কৰে৷

জানিব পৰামতে ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে শুকুৰবাৰে সন্ধিয়া গৰৈমাৰীস্থিত ৰাজীৱ ভৱনত প্ৰয়াত নন্দিতা শইকীয়াৰ আত্মাৰ সদগতিৰ কামনাৰে মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলি জনায়৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি নজমুল হক, আচলপাৰা গাঁও পঞ্চায়তৰ সভাপতি আব্দুৰ ৰেজ্জাক, ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নুৰুল ইছলাম, গৰৈমাৰী ব্লক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুল কৰিম, গৰৈমাৰী ব্লক এন এছ ইউ আইৰ সভাপতি আজিজুল হক, গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ এন এছ ইউ আই গোটৰ সভাপতি আব্দুৰ ৰহিম অংশগ্ৰহণ কৰে৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3sV8VWp
via IFTTT

Comments