অধিক অৱনতি ঘটিছে দক্ষিণ শালমাৰাৰ বান পৰিস্থিতিঃ উদ্ধাৰৰ বাবে প্ৰশাসনে লোৱা নাই ব্যৱস্থা…

- দক্ষিণ শালমাৰা মানকাচৰ জিলাত বান পৰিস্থিতি ভয়াবহৰ দিশে গতি কৰিছে।
- বিপদসীমাৰ পৰা ৫৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নদীৰ পানী।
- জিলাখনৰ বহু অঞ্চল পূৰ্বৰে পৰা হৈ আছিল জলমগ্ন।
- ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাৰ ফলত ন ন অঞ্চল হৈছে জলমগ্ন।
- জিলাখনৰ এতিয়ালৈ প্ৰায় ডেৰ শতাধিক গাঁও বানৰ কবলত পৰিছে।
- বানত আক্ৰান্ত হৈছে লক্ষাধিক লোক।
- বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।
- বিপদত পৰিছে পশুধন।
- বানাক্ৰান্তক উদ্ধাৰৰ বাবে জিলা প্ৰশাসনে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kAX4cx
via IFTTT
Comments
Post a Comment