পুৱাৰ খবৰ…

১. এগৰাকী প্ৰভূত সম্ভাৱনাপূৰ্ণ শিক্ষাৰ্থী ঢকুৱাখনা নগৰৰ সাংস্কৃতিকভাৱে আগৰণুৱা যুৱতী নন্দিতা শইকীয়াৰ আত্মাৰ সদগতিৰ কামনাৰে গৰৈমাৰীত শুকুৰবাৰে সন্ধিয়া শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ উল্লেখ্য যে এটা বৰ্বৰ প্ৰকৃতিৰ হত্যাকাৰীৰ নিৰ্মম আক্ৰমণত চিকিৎসাধীন অৱস্থাত ২৫ আগষ্টত নন্দিতা শইকীয়াই শেষ নিশ্বাস ত্যাগ কৰে৷
২. শুক্ৰবাৰে চৰাইদেউ জিলাৰ লেঙিবৰ বাকুপুখুৰী অঞ্চলত এখন ব্যক্তিগত চাহবাগিছাৰ পৰা ১৫ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ হয় ৷শিৱসাগৰ আৰু চৰাইদেউ জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয় আৰু শ্ৰমিক ট্ৰাস্ক ফ’ৰ্চৰ যুটীয়া উদ্যোগত চলোৱা এক অভিযানত শিশু শ্ৰমিক কেইজন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
৩. হোজাই জিলাৰ লামডিঙৰ পৰা আজি সন্ধিয়াৰ ভাগত চাইল্ড লাইনৰ বিষয়া কৰ্মীয়ে অভিযান চলাই দুগৰাকী কিশোৰীক উদ্ধাৰ কৰে ৷ জানিব পৰা মতে উদ্ধাৰ কৰা এগৰাকী কিশোৰী বয়স ১৭ বছৰ ৷ যোৱা কেইদিনমান পূৰ্ৱে লংকাৰ কিশোৰীগৰাকীক লামডিঙৰ বাংলা বজাৰৰ নিবাসী সুৱল দাস নামৰ এজন যুৱকে বিবাহ কৰাই লামডিঙলৈ লৈ আহিছিল ৷ কেবাদিনৰ অনুসন্ধানৰ অন্তত আজি চাইল্ড লাইনে কিশোৰী গৰাকীক উদ্ধাৰ কৰি লৈ আহে স্বামীৰ গৃহৰ পৰা ৷
৪. আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি । ৰাজ্যৰ নামঘৰে-সত্ৰই আজি পালন কৰা হৈছ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। বিশেষকৈ জ্যেষ্ঠসকলৰ পুৱাই আগমন ঘটে নামঘৰ-সত্ৰ সমূহলৈ ৷ ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ উত্তৰ অসমৰ একমাত্ৰ বয়োজ্যেষ্ঠ মহিলাৰ আশ্ৰয় গৃহ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰপথাৰস্থিত প্ৰশান্তি ধাম বৃদ্ধাশ্ৰমতো উদযাপন কৰা হৈছে মহাপুৰুষ গুৰুজনাৰ ৪২৫ তিৰোভাৱ তিথি ।
৫.এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিত চাহ বাগিছাৰ বেদখল। কাজিৰঙাৰ ৩৫ বিঘা মাটিত বোকাখাতৰ এখন চাহ বাগিছাই কৰা বেদখলৰ তথ্য পোহৰলৈ আহিছে শেহতীয়াকৈ।আৰু সেইবাবেই কাজিৰঙাক বেদখল মুক্ত কৰিবলৈ উচ্ছেদ অভিযান চলোৱাৰ যো-জা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।ক্ৰমবৰ্ধিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প অন্তৰ্গত পানবাৰী সংৰক্ষীত বনাঞ্চল আৰু এই পানবাৰী সংৰক্ষীত বনাঞ্চলৰেই ৫ হেক্টৰ ভূমি চাহ বাগিছা স্থাপনেৰে অধিকাৰ কৰি ৰাখিছে মেথনি চাহ বাগিছা কৰ্তৃপক্ষই।দীৰ্ঘদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি বেদখল মুক্ত কৰি দিবৰ বাবে পত্ৰ প্ৰেৰণ কৰি আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
৬. যিসময়ত বেটি বছাও ,বেটি পঢ়াও শ্লোগানেৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে , যি সময়ত গৰু সুৰক্ষাৰ বিধেয়ক আনি বিধান সভাত সৰৱ আলোচনা চলিছে তেনে সময়ত নাৰী সুৰক্ষা অথবা মহিলা শিক্ষাৰ্থী সুৰক্ষা সম্পৰ্কীয় কোনো বিধেয়ক অথবা আলোচনা হোৱা নাই বিধানসভাত। মতা গৰু মাইকী গৰু কথাই , হিন্দু মুছলমানৰ সংঘাত সৃষ্টি কৰি ধৰ্মৰ ভিত্তিত, সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ কথাই অধিক গুৰুত্ব পাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত।
৭. শুকুৰবাৰে যাতায়তৰ দুৰৱস্থাৰ বাবেই মৃত্যুক সাৱতিলে এগৰাকী গৰ্ভৱতী মহিলাই। আৰু এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বোকাখাতত। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতৰ ধানবাৰী বামুনগাওঁ নিবাসী মেনকা পেগু নামৰ গৰ্ভৱতী মহিলাগৰাকীক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ যো-জা কৰা হয় যদিও যাতায়তৰ একমাত্ৰ পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই গাওঁখনত উপস্থিতিত হ’ব নোৱাৰিলে চিকিৎসা বিভাগৰ ১০৮বাহন। যাৰ বাবে গৰ্ভৱতী মহিলাগৰাকীক ২কিল’মিটাৰ পথ ঠেলাৰে কঢ়িয়াই আনি অৱশেষত এখন জীপছীৰে বোকাখাতৰ মহকুমা চিকিৎসালয়লৈ নিয়া হয় যদিও গুৰুত্বৰ স্বাস্থ্যৰ অৱস্থাৰ বাবে মহিলাগৰাকীক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ।
৮. শাসনাধিষ্ট বি,জি,পি চৰকাৰে যি সময়ত উন্নয়নৰ ঢাক – ঢোল বজাই আছে সেই সময়তে ধুবুৰীৰ এখন পথৰ জৰাজীৰ্ণ অৱস্থাই চৰকাৰৰ উন্নয়নৰ ফোপালা স্বৰূপটো উদঙাই দিছে ।ফলত আজি শুক্ৰবাৰৰ দিনা দুপৰীয়াৰ ভাগত অঞ্চলটোৰ ৰাইজে ঘৰৰ পৰা ওলাই আহি পথটো মেৰামতিৰ দাবীত বিধায়ক নজৰুল হক মুৰ্দাবাদ, পঞ্চায়ত সভানেত্ৰী হামিদা খাতুন মুৰ্দাবাদ, বি,জে,পি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন ধৰনৰ শ্নোগানৰে আকাশ – বতাহ কপাই তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
৯. টকিঅ’ অলিম্পিকৰ জ্বৰ মাৰ নাযাওঁতেই পুনৰ টকিঅ’ত আৰম্ভ হৈছে পেৰা অলিম্পিক। এই প্ৰতিযোগিতাত ভাৰতৰ বহু কেইগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।এইসকল খেলুৱৈক দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছা জনাইছে। ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ প্ৰধান জেনেৰেল বিপিন ৰাৱাটে পেৰা অলিম্পিয়ানসকলক শুভেচ্ছা জনাই কয়, “ভাৰতীয় প্ৰতিৰক্ষা সেৱাৰ হৈ আগন্তুক টকিঅ’ পেৰালিম্পিক ২০২০ৰ বাবে ভাৰতীয় দলটোক শুভকামনা জনাইছো। টীম ইণ্ডিয়াৰ প্ৰতিভা আৰু সংকল্প খেলুৱৈ আৰু সৌহাৰ্দ্যৰ অদম্য মনোভাৱৰ প্ৰমাণ। ক্ৰীড়াক্ষেত্ৰতো নিজকে প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান অতিক্ৰম কৰা বিশেষ ক্ষমতা থকা এনে ব্যক্তিসকলক বিশেষ স্বীকৃতিৰ প্ৰয়োজন। তেওঁলোকে প্ৰমাণ কৰিছে যে সকলো বাধা অতিক্ৰম কৰিব পাৰি আৰু মানৱ শৰীৰ, মন আৰু আত্মাৰ কোনো নিৰ্ধাৰিত সীমা নাই। মই নিশ্চিত যে এই খেলুৱৈসকলৰ তেজ আৰু ঘামে ক্ৰীড়া ক্ষেত্ৰত ফলাফল দেখুৱাব।
১০. কোৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ১ ছেপ্টেম্বৰৰ পৰা মেঘালয়ে পৰ্যটকৰ বাবে মুকলি কৰিব পৰ্য়টন ক্ষেত্ৰসমূহ। আনহাতে একেটা দিনৰ পৰাই মেঘালয়ৰ শিক্ষানুষ্ঠানসমূহৰো পাঠ্যক্ৰম আৰম্ভ হ’ব। ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰসমূহ ভ্ৰমণ কৰিবলৈ ইচ্ছুকসকলে কোভিড নিগেটিভৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট বিষয়াক দেখুৱাব লাগিব আৰু কোভিডৰ দুয়ো পালি ভেকচিন গ্ৰহণ কৰিব লাগিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই জনোৱা অনুসৰি কোভিড নিগেটিভৰ লগতে ভেকচিন গ্ৰহণ কৰা লোকসকলকহে ৰাজ্যখনত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jn1HYr
via IFTTT
Comments
Post a Comment