ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ নামৰূপ তাপ বিদ্যুৎ প্ৰকল্প পৰিদৰ্শন…

ডিজিটেল সংবাদ, নামৰূপঃ অসম চৰকাৰৰ মুখ্য সচিব, তথা অসম চৰকাৰৰ শক্তি বিভাগ ক্ৰমে এ.পি.ডি.চি.এল, এ.পি.জি.চি.এল., এ.ই.জি.চি.এলৰ অধ্যক্ষ জিষ্ণু বৰুৱা দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শুকুৰবাৰে বিয়লি নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত উপস্থিত হৈ ইতিমধ্যে নিৰ্মান কাৰ্য্য সম্পূৰ্ণ হোৱা এশ মেগৱাট ৰিপ্লেচ মেণ্ট প্ৰকল্প পৰিদৰ্শন কৰে । নামৰূপ থাৰ্মেল ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্ট পৰিদৰ্শন কৰি অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই শনিবাৰে সংবাদ মাধ্যমৰ আগত নিজ মত দাঙি ধৰি কয় যে- অসমৰ ৰাইজৰ প্ৰত্যাশিত নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ এশ মেগৱাট ৰিপ্লেচ মেণ্ট প্ৰকল্পই যোৱা ১৬ জুলাইৰ পৰা কমাৰ্চিয়েল প্ৰডাকচন আৰম্ভ কৰিলে। বৰ্তমান ৬২ মেগৱাট বিদ্যুৎ গেছ টাৰবাইনটোৱে উৎপাদন দি আছে। বিয়লিলৈ ষ্টীম টাৰবাইনটো চলিব বুলি উল্লেখ কৰে ।
মুখ্য সচিব গৰাকীয়ে কয় যে- পৰ্যাপ্ত পৰিমাণৰ গেচ লাভ কৰে তেন্তে এন আৰ পি পি চেকেণ্ড ফ্ৰেজ অৰ্থাৎ ১০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম আন এটা প্ৰকল্প স্থাপনৰ কাম শীঘ্ৰেই আৰম্ভ কৰা হ’ব । অৱশ্যে এই প্ৰজেক্ট সম্পূৰ্ণ প্ৰাকৃতিক গেচ উপলব্ধ হোৱাৰ ওপৰতহে নিৰ্ভৰশীল। ইতিমধ্যে এই সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডেও পৰ্যাপ্ত পৰিমাণৰ গেচৰ যোগান ধৰাটো এক প্ৰকাৰ নিশ্চিত কৰিছে । এই ক্ষেত্ৰত ফিজিবিলিটি টেষ্টৰ বাবে শীঘ্ৰেই এটি কনচালটেণ্ট এজেঞ্চি নিযুক্তি দিয়া হব বুলি মুখ্য সচিব গৰাকীয়ে কয়।
এইখিনিতে ষাঠিৰ দশকত স্থাপন হোৱা পুৰণা প্ৰকল্পৰ যন্ত্ৰাংশৰ আয়ুস কাল উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত পুৰণি প্ৰজেক্টটো পৰ্যায়ক্ৰমে বন্ধ কৰি দিয়া হ’ব বুলি প্ৰসংগত উল্লেখ কৰে। গতিকে পৰ্যায়ক্ৰমে ২,৩ আৰু ৬ নম্বত ইউনিট কেইটা বন্ধ কৰা হ’ব আৰু নতুন প্ৰজেক্টেৰে তাৰ চাহিদা পূৰণ কৰা হ’ব উল্লেখ কৰে। ইফালে বিদ্যুৎ বিল সম্পৰ্কত মুখ্য সচিব গৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শক্তি মন্ত্ৰী বিমল বৰাৰ প্ৰচেষ্টাত বৰ্তমান এশ তেইশ শতাংশ ৰাজহ সংগ্ৰহ হৈছে। আনহাতে যোৱা দুই তিনিমাহ মানৰ পৰা বিদ্যুতৰ বিলিং কৰি দেখা গৈছে বিল পৰিশোধ নোহোৱাৰ কনজুমাৰ নম্বৰ আছে কিন্তু গ্ৰাহকজনক সংশ্লিষ্ট বিভাগে বিচাৰি নাপায় । অসমত প্ৰায় ১ লাখ ৩০ হাজাৰ তেনে গ্ৰাহকৰ আছে যাৰ নম্বৰ ইতিমধ্য বন্ধ কৰি দিয়া হৈছে। যোৱা দুই মাহে বিদ্যুৎ বিভাগে ৭৩৫ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে এই ধাৰা অব্যাহত থাকিলে অসম শক্তি উৎপাদন বিভাগ পুনৰ এটা লাভজনক উদ্যোগলৈ পৰ্যবেশিত হ’ব ই নিশ্চিত বুলি মুখ্য সচিব গৰাকীয়ে উল্লেখ কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zr0fK5
via IFTTT
Comments
Post a Comment