১ মিনিটত ২৫ খবৰ…

১. অসমত পুনৰ ৫৮৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১২৩জন লোকেই কামৰূপ মেট্ৰ’ৰ।
২. খানাপাৰাৰ অসম প্রশাসনিক কৰ্মচাৰী মহাবিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত আয়ুস মন্ত্রালয় আৰু উত্তৰ পূবৰ ৰাজ্যসমূহৰ স্বাস্থ্যমন্ত্রী সকলৰ এখন সভা। মুখ্য অতিথিৰূপে উপস্থিত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
৩. বৰপেটাৰ কাঁহিবাৰীত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ। চোৰাং চাউলৰ গুদামত আৰক্ষীৰ অভিযান। গুদামটোৰ পৰা বৃহৎ পৰিমাণৰ চাউলৰ বস্তা জব্দ।
৪. ডিমা হাছাও কাণ্ড সন্দৰ্ভত প্রতিক্রিয়া কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাং। বিদ্রোহীৰ বিৰুদ্ধে No Food No Shelter নীতি অৱলম্বন কৰা হৈছে । কাৰ্বি আংলঙৰ সকলো উগ্রপন্থী সংগঠন ঘূৰি আহিব মূলসূঁতিলৈ ।
৫. ৰঙিয়াত সদৌ অসম ছাত্র সন্থাৰ উত্তাল প্রতিবাদ। ৰঙিয়া নগৰত বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত আছুৰ এই প্রতিবাদ। এনটি ৰোডত আছুৰ মানৱ শৃংখল।
৬. জনতা ভৱনত এম্বুলেন্স,Oxygen Concetrator বিতৰণ কাৰ্যসূচী। Mahindra,Mahindra Ltdএ চৰকাৰক প্রদান কৰে ১৫খন বাহন।
৭. নলবাৰীৰ ছাৰাবড়ী সত্রত অঘটন। মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ প্রসাদত বিষক্রিয়া। মাহ প্রসাদ খায় অসুস্থ শতাধিক লোক।
৮. ড্রাগছৰ বিৰুদ্ধে অব্যাহত মহানগৰ আৰক্ষীৰ অভিযান। মালিগাঁও গোটানগৰত আৰক্ষীৰ অভিযান। অভিযানত আৰক্ষীয়ে আটক কৰে ৩ সৰবৰাহকাৰী। ধৃত প্রাঞ্জল দাস, ৰাজু আলী, মুস্তাফা আহমেদ।
৯. লামডিঙত বৃহৎ পৰিমাণৰ অগৰ কাঠ জব্দ। জব্দ AS02 BC 7828 নম্বৰৰ গাড়ীসহ ১০ বস্তা অগৰ কাঠ। ডিমাহাচাৱৰ পৰা হোজাইলৈ সৰবৰাহ কৰা হৈছিল কাঠখিনি। আটক নিজামুদ্দিন নামৰ এজন ব্যৱসায়ী আৰু গাড়ী চালক ।
১০. দৰঙত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত ১৭ গ্রাম ড্রাগছসহ আটক এজন। আটক দৰঙৰ বৰুৱাঝাৰ গাঁৱৰ আব্দুল জব্বাৰ।
১১. ছাইবুৰ ৰহমানৰ সিজুবাৰীৰ ৩১ নং ঘৰত পুনৰ অভিযান। আফজাল হুছেইনৰ ঘৰত অভিযান মুখ্যমন্ত্রী তদাৰকী শাখাৰ। ছাইবুৰ ৰহমানৰ লগত সু-সম্পৰ্ক আছিল আফজাল হুছেইনৰ। মাটি-বাৰি ব্যৱসায়ৰ সৈতেও জড়িত ছাইবুৰ ৰহমান।
১২. শনিবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৯জন লোকৰ মৃত্যু। ৰাজ্যখনত বৰ্তমান আৰোগ্যৰ হাৰ ৯৭.৭৮ শতাংশ।
১৩. পৃথিৱীৰ য’তেই ভাৰতীয় নাগৰিক বিপদত পৰিব তেওঁলোকৰ সহায়ৰ বাবে ভাৰত সদায় থিয় হৈ থাকিব। – প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
১৪. শনিবাৰৰ দিনটোত ভাৰতত ৬৫ লাখৰো অধিক লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে।– কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়।
১৫. অহা ১৫ ছেপ্টেম্বৰলৈ পশ্চিমবংগত বৃদ্ধি কৰা হৈছে কোভিডৰ নীতি-নিয়ম সমূহ। অৱশ্যে কিছু কিছু ক্ষেত্ৰত প্ৰদান কৰা হৈছে শিথিলতা।
১৬. হাৰিয়ানাৰ বাস্তাৰত কৃষকৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলক খেদি পঠিয়াবলৈ আৰক্ষীৰ লাঠিচালনা।
১৭. তামিলনাডুত পুনৰ ১৫৫১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৭৫৫৯জন ৰোগী।
১৮. কেৰালা চৰকাৰে নিশা ১০ বজাৰ পৰা ৬ বজালৈ সান্ধ্য আইন জাৰি কৰিছে। এই কথা ঘোষণা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ানৰ।
১৯. কেৰালাত শনিবাৰে ১৬৭৪৯৭জন লোকৰ কোভিড টেষ্ট কৰা হয়। ইয়াৰে ৩১২৬৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
২০. ছিমলাৰ গ্ৰাৱাগ এলেকাত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক। এই দুৰ্ঘটনাত নিহত দুজন লোক। আন দুজন গুৰুতৰভাৱে হৈছে আহত।
২১. তামিলনাডুৰ মাডুৰাইত নিৰ্মীয়মান এখন উৰণীয়া সেঁতুৰ এটা অংশ খহি পৰে। এই ঘটনাত প্ৰাণ হেৰুওৱাই এজন লোকে।
২২. যোৱা ২৪ ঘন্টাত অন্ধ্ৰপ্ৰদেশত ১৩২১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৯জনৰ মৃত্যু।
২৩. দিল্লীত পুনৰ ২৯জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৯৩জন ৰোগী।
২৪. অহা সপ্তাহত ছত্তীশগড় ভ্ৰমণলৈ যাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। এই কথা সদৰি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।
২৫. আহমেদাবাদত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। তিনিদিনীয়া ভ্ৰমণসূচীৰে আহমেদাবাদত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ysBiMZ
via IFTTT
Comments
Post a Comment