ধাৰাবাহিক বিস্ফোৰণৰ মাজতে ৪ হাজাৰৰো অধিক লোকক স্থানান্তৰ মাৰ্কিন সেনাৰঃ ১ লাখৰো অধিক লোকক ৰক্ষা কৰিলে তালিবানৰ পৰা…

ডিজিটেল ডেস্কঃ তালিবানৰ দখললৈ যোৱাৰ পাছৰে পৰা আফগানিস্তানৰ পৰা বিশ্বৰ বিভিন্ন দেশে নিজ নিজ দেশৰ নাগৰিকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছে। বৰ্তমানেও আফগানিস্তানত আৱদ্ধ হৈ আছে বহু বিদেশী নাগৰিক। দেশখনত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে বহু বিদেশী লোক এতিয়াও কাবুলত আৱদ্ধ আবদ্ধ হৈ থাকিবলগীয়া হৈছে। ইয়াৰ মাজতে আকৌ ২৬ আগষ্ট, বৃহস্পতিবাৰে কাবুলত আত্মঘাতী বোমাৰে আক্ৰমণো সংঘটিত হৈছে।
বৃহস্পতিবাৰে সংঘটিত হোৱা আত্মঘাতী বিস্ফোৰণত মৃতকৰ সংখ্যাই শতকৰ ঘৰ পাৰ কৰিলে। বিভিন্ন সূত্ৰই মুঠ ৭ টাকৈ বিস্ফোৰণ হোৱা বুলি দাবী কৰা এই ঘটনাত আমেৰিকা, বৃটেইনৰ কেইবাজনো সেনা নিহত হোৱাৰ লগতে তালিবানৰ সদস্য আৰু আফগান নাগৰিককে ধৰি শতাধিকৰ প্ৰাণ গৈছে, আহত হৈছে ডেৰ শতাধিক।
ইফালে এই ঘটনাৰ পাছতে শুক্ৰবাৰৰ দিনটোত কাবুলৰ পৰা বিমান চলাচল সম্পূৰ্ণৰূপে বাতিল কৰা হৈছিল যদিও পুনৰ বিমান চলাচল আৰম্ভ কৰা হৈছে। হোৱাইট হাউচে প্ৰকাশ কৰা মতে বিগত ১২ ঘণ্টাত আফগানিস্তানৰ পৰা মাৰ্কিন প্ৰকাশনে ৪,২০০ লোকক স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে।
আনহাতে ১৪ আগষ্টৰ পৰা আমেৰিকাই বৰ্তমানলৈকে আফগানিস্তানৰ পৰা ১,০৯,২০০ লোকক দেশখনৰ পৰা স্থানান্তৰ কৰাত সহায় কৰিছে বুলি হোৱাইট হাউচে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zp6sWJ
via IFTTT
Comments
Post a Comment