বকোত পুৱাই বন বিভাগৰ অভিযান: অবৈধ কাঠফলা মেচিন-জেনেৰেটৰ আৰু অবৈধ চেগুন গছ জব্দ…

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত আজি পুৱাই বনবিভাগৰ দল এটাই অভিযান চলাই অবৈধ কঠফলা মেচিন -জেনেৰটৰ আৰু চোৰাংকাঠ জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ঘটনাৰ বিৱৰণীমতে পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বকোৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে এক গোপন খবৰৰ ভিত্তিত আজি পুৱা চোৰাং কাঠব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই জোৰশিমলি আৰক্ষী চকীৰ কালাতলি দাসপাৰাগাঁৱত এটা অবৈধ কাঠফলা মেচিন,জেনেৰেটৰ আৰু প্ৰায় ৩০ হেজাৰ টকা মূল্যৰ চোৰাং ছেগুণ গছ জব্দ কৰে ।
জব্দ কৰা কাঠফলা মেচিন, জেনেৰেটৰ আৰু গছখিনি শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ আনিছে । আনহাতে কাঠফলা মেচিনটোৰ মালিক ইব্ৰাহিম আলীয়ে বনবিভাগৰ অভিযানৰ খবৰ আগতীয়াকৈ লাভ কৰি বনবিভাগৰ চকুত ধুলি দি পলাই পত্ৰং দিয়ে বুলি জানিব পৰা গৈছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3DuC93l
via IFTTT
Comments
Post a Comment