দক্ষিণ শালমাৰা-মানকাচৰৰ অৰ্ধশতাধিক গাওঁ জলমগ্ন..

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ট ক্ৰমাত বৃদ্ধি পোৱাৰ লগে লগে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অৰ্ধ শতাধিক গাওঁ বানৰ কবলত পৰিছে। বৃহস্পতিবাৰে পুৱা ৭ বজালৈ ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদসীমাৰ ৭ ছেণ্টিমিটাৰ ওপৰেদি প্ৰবাহিত হোৱাৰ ফলত জিলাখনৰ প্ৰায় অৰ্ধ শতাধিক গাওঁ বানৰ কবলত পৰিবছে।
বিশেষকৈ চৰাঞ্চলত থকা অঞ্চল সমূহত একাংশ স্থানত বানৰ পানীয়ে একাংশ লোকৰৰ ঘৰৰ মধূচলৈ জলমগ্ন কৰি ৰখাৰ ফলত চৰাঞ্চলৰ লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। একেদৰে জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ ১ কিলোমিটাৰ নিলগত থকা বাংৰীৰচৰ, পুৰণা সুখচৰ গাওঁতো একাংশ বিদ্যালয়, লোকৰ ঘৰ নিশাৰ ভিতৰত পানীয়ে জলমগ্ন কৰি পেলায়।
ফলত ঘৰৰ ভিতৰতো বানাক্ৰান্ত লোক সকলে চাং পাতি আশ্ৰয় লবলৈ আৰম্ভ কৰাৰ লগতে একাংশ লোক ইতিমধ্যে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে নিৰাপদ তথা ওখ স্থানত আশ্ৰয় লবলৈ আৰম্ভ কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3mzN6KX
via IFTTT
Comments
Post a Comment