সূৰ্য উদয় নে অস্ত! আফগানিস্তান তালিবানৰ হাতত এৰি আমেৰিকান সেনাৰ অন্তিমখন বিমান উৰা মাৰিল স্বদেশলৈ…

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে সোমবাৰে আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যৰ অন্তিম দলটো প্ৰস্থান কৰাৰ কথা ঘোষণা কৰে৷ তালিবানে দেশখনৰ নিয়ন্ত্ৰণ নিজৰ হাতত লোৱাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যৰ প্ৰস্থানৰ লগে লগে ২০ বছৰীয়া এক সংঘৰ্ষৰ সমাপ্তি ঘটে৷
কেন্দ্ৰীয় কমাণ্ডৰ মুৰব্বী জেনেৰেল কেনেথ মেককেঞ্জিয়ে কয়, “মই ইয়াত আফগানিস্তানৰ পৰা উভতি অহাৰ কথা ঘোষণা কৰিবলৈ আহিছোঁ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলক স্থানান্তৰ কৰিবলৈ সামৰিক অভিযান সমাপ্ত কৰাৰ কথা ঘোষণা কৰিছো৷ সোমবাৰে মাজনিশা কাবুলৰ কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এখন বৃহৎ চি-১৭ সামৰিক পৰিবহন বিমানত আফগানিস্তানৰ পৰা আমেৰিকাৰ অন্তিমটো সেনা বাহিনীৰ দল লৈ উৰা মাৰিছে।
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে চলিত বছৰৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনী আফগানিস্তানৰ পৰা প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছিল। আৰু সেই ঘোষণা অনুসৰিয়েই দেশখনৰ পৰা আমেৰিকান সেনাক ঘূৰাই লৈ গৈছিল।ইয়াৰ পাছতে দেশখনত তালিবানৰ উত্থান ঘটে।
দেশখনৰ পৰা বিদেশী নাগৰিকৰ লগতে আফগান নাগৰিকৰ স্থানান্তৰ অভিযানৰ সময়তে ইছলামিক ষ্টেট-খোৰাচানে দুসপ্তাহৰ স্থানান্তৰ অভিযানৰ সময়ত দুটাকৈ আক্ৰমণ চলাইছিল। এটা আত্মঘাতী বোমা বিস্ফোৰণত ১৩ জনকৈ আমেৰিকান সৈনিকসহ ১০০ ৰো অধিক লোক নিহত হয়। ইয়াৰ পিছতে প্ৰচুৰ নিৰাপত্তাৰ মাজৰে আমেৰিকাৰ অন্তিম বিমানখন সোমবাৰে মাজনিশা আফগানিস্তান এৰি উৰা মাৰিছে।
ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেনেৰেল কেনেথ এফ মেকেঞ্জি কৈছে যে দুয়োপক্ষৰ মাজত গভীৰ শত্ৰুতা থকা স্বত্বেও তালিবানসকলে আমেৰিকাৰ শেষৰখন বিমান ৰখা আৰু পৰিচালনাত “অতি সহায়ক আৰু উপযোগী” হৈ আছে।২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত আল-কায়দাৰ আক্ৰমণৰ পিছতে তালিবানক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ নাটো মিত্ৰজোঁটৰ নেতৃত্বত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আফগানিস্তানলৈ আহিছিল।
ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে ২০ বছৰীয়া যুদ্ধ সমাপ্ত কৰাৰ লগতে আফগানিস্তানৰ পৰা প্ৰস্থান নিশ্চিত কৰাৰ সময়ত কাবুলত গুলীচালনাৰ শব্দ শুনা গৈছিল। কোৱা হৈছে তালিবানে আমেৰিকান সেনাৰ প্ৰস্থানৰ উলাহতে গুলীচালনা কৰি আনন্দ প্ৰকাশ কৰিছে।
সুদীৰ্ঘ ২০ বছৰৰ এক যুদ্ধৰ অৱসান ঘটাৰ এই সন্ধিক্ষণত তালিবানৰ সীৰ্ষ নেতাই আমেৰিকাৰ লগতে বহু কেইখন দেশ আৰু বহু কেইটা বিষয়ৰ ওপৰত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। তালিবানৰ শীৰ্ষ নেতা স্তানিকজাইয়ে আমেৰিকান সেনাই আফগানিস্তান প্ৰাক মুহূৰ্তত ক’লে, আমি আমেৰিকা-নাটোৰ সৈতে ভাল সম্পৰ্ক বিচাৰো। একেদৰে ভাৰত, পাকিস্তান, ইৰান, তাজাকিস্তান আদি দেশৰ সৈতেও বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ বাবে আগ্ৰহী বুলি মন্তব্য কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gKatxC
via IFTTT
Comments
Post a Comment