কৰ্তব্যৰত অৱস্থাতে মহিলা আৰক্ষীক ৰডেৰে প্ৰহাৰ যুৱকৰ…

ডিজিটেল ডেস্কঃ কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী মহিলা আৰক্ষীক আক্ৰমণৰ ঘটনাই শেহতীয়াকৈ জোকাৰি গৈছে সমগ্ৰ দেশ। উত্তৰ প্ৰদেশ লক্ষ্ণৌত কৰ্তব্য কৰি থকা এগৰাকী মহিলা আৰক্ষীক এজন যুৱকে প্ৰহাৰ কৰে ৰডেৰে। মূৰত প্ৰহাৰ কৰা মহিলা আৰক্ষীগৰাকীক ততাতৈয়াকৈ হস্পাতালত ভৰ্তি কৰা হয়।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, আলীগঞ্জ থানাৰ এইগৰাকী মহিলা আৰক্ষীয়ে এখন কাজিয়া ভাঙিবলৈ যাওতে ৰডেৰে প্ৰহাৰ কৰে এগৰাকী যুৱকে। প্ৰহাৰ কৰা যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বৰ্তমান আঘাতপ্ৰাপ্ত আৰক্ষীগৰাকীৰ স্বাস্থ্য সংকটমুক্ত বুলি সদৰি কৰিছে আৰক্ষীয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3DtSh5q
via IFTTT
Comments
Post a Comment