ৰূপহীৰ পৰা মৈৰাবাৰীলৈ নি থকা অৱস্থাত বটদ্ৰৱাত চোৰাং চাউল জব্দ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা চোৰাং চাউল জব্দ। ৰূপহীৰ পৰা মৈৰাবাৰীলৈ নি থকা অৱস্থাত নিশা বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে AS 02 CC 6890 নম্বৰৰ এখন চাউল ভৰ্তি ট্ৰাক। আটক মকবুল ইছলাম আৰু হেকমত আলী।
দীৰ্ঘদিন ধৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চোৰাং ব্যৱসায় কৰি ৰমৰমীয়া বেহা চলাই আহিছিল মকবুল ইছলাম আৰু হেকমত আলীয়ে।
ৰহস্যজনক ভাবে আৰক্ষীৰ চকুত ধূলি দি ১৬০ বস্তা ধানৰ মাজত কৌশলেৰে ৪০ বেগ(২০ কুইন্টল) সৰবৰাহৰ চেষ্টা চলাই যদিও বটদ্ৰৱাৰ জামতলত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kDepSh
via IFTTT
Comments
Post a Comment