১মিনিটত ২৫খবৰ…

১. তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবী। দিল্লীত কৃষক বিদ্ৰোহৰ ২৭৪ দিন উকলিল।
২. অভয়াপুৰীত ৩১ নং ৰাষ্ট্ৰীয় পথত ভয়াৱহ দুৰ্ঘটনা। চৌটাকীত বাইক দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক।
৩. চিৰাঙৰ চাপাগুৰিত মুকলি কৰা হয় MI ষ্টোৰ। গৌৰাংগ ইলেকট্ৰ’নিকছ নামেৰে মুকলি MI ষ্টোৰ।
৪. নন্দিতা শইকীয়াৰ আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা।গোগামুখ চাৰিআলিৰ মহিলা সমিতিৰ চাকি জ্বলাই প্ৰাৰ্থনা।
৫. AIUDFৰ বিধায়ক ফণী তালুকদাৰৰ বিজেপিত যোগদান নিশ্চিত। ১ ছেপ্টেম্বৰত বিজেপিত যোগদান কৰিব ফণী তালুকদাৰে।
৬. নন্দিতা শইকীয়াৰ বাসগৃহত আছুৰ প্ৰতিনিধি দল।নন্দিতাৰ পিতৃ-মাতৃক সাক্ষাত্ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ।
৮. মহানগৰীত অব্যাহত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰীতা বড়ো(৩০) নামৰ এগৰাকী মহিলাৰ জিম্মাৰ পৰা জব্দ ড্ৰাগছ।
৯. বঢ়মপুৰৰ পশুধন পামৰ ঘন জংঘলত উদ্ধাৰ বৃদ্ধাৰ মৃতদেহ।মৃতদেহটো বঢ়মপুৰৰ বৰটোপৰ মাকন হাজৰিকাৰ বুলি চিনাক্ত।
১১. অশান্ত ডিমা হাছাওত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত। DNLA উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ঘটনাস্থলী পৰিদৰ্শন।
১২. মণিপুৰৰ ১৭তম ৰাজ্যপাল হিচাপে শপত গ্ৰহণ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ লা গণেশনৰ।
১৩. স্বেচ্ছাসেৱী অনুষ্ঠান JCIৰ প্ৰশংসনীয় পদক্ষেপ। কালিৰাম বৰুৱা ছোৱালী হাইস্কুলৰ চৌহদ মেৰামতি।
১৪. কামৰূপ (মেট্ৰ’)ত অপৰিৱৰ্তিত কৰোনা পৰিস্থিতি। ২৪ ঘণ্টাত কামৰূপ(ম)ত আক্ৰান্ত ১১৩।
১৫. আজি শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ।
১৬. উত্তৰাখণ্ডত SDRFৰ এটা দলৰ গাওঁবাসীক উদ্ধাৰ। বিকাশনগৰৰ টাউলিভূদ্দৰ পৰা এখন খৰস্ৰোতা নদী পাৰ হোৱাত সহায় কৰে দলটোৱে
১৭. লামডিঙত চাইল্ড লাইনে উদ্ধাৰ কৰিলে দুগৰাকী কিশোৰীক।
১৮. শুক্ৰবাৰে চৰাইদেউ জিলাৰ লেঙিবৰ বাকুপুখুৰী অঞ্চলত এখন ব্যক্তিগত চাহবাগিছাৰ পৰা ১৫ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ হয়।
১৯. কেইবাদিনো নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পাই আহিছে।
২০. সত্ৰ উন্নয়ন নহ’লে সংস্কৃতিৰ উন্নয়ন হ’ব কেনেকৈ : ৰণজিৎ কুমাৰ দাস।
২১. কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ ই-ফটো প্ৰদৰ্শনী “সংবিধান নিৰ্মাণ” আৰু ভাৰ্চুৱেল চলচ্চিত্ৰ পোষ্টাৰ প্ৰদৰ্শনী উদ্বোধন।
২২. ঢকুৱাখনাৰ মেধাৱী ছাত্ৰ নন্দিতা শইকীয়াৰ হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ চলাবৰ বাবে চৰকাৰে দিয়া নিৰ্দেশৰ আদৰণি জনাইছে নন্দিতাৰ পিতৃ-মাতৃয়ে।
২৩. ভাঙি পেলোৱা হ’ল অসম বিধানসভাৰ নতুন ভৱন। আন্তঃগাঁথনিত আঁসোৱাহৰ উল্লেখেৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত্ দৈমাৰীৰ নিৰ্দেশত বিধানসভাৰ নতুন ভৱনত চলিল এক্সকাভেটৰ।
২৪.ডিব্ৰুগড়ত মুকলি হল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক জাৱৰ নিষ্কাশন প্ৰকল্প। প্ৰকল্পটো শুক্ৰবাৰে উদ্বোধন কৰে শ্ৰম আৰু পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
২৫. বৃহস্পতিবাৰে দেশৰ ৫০ শতাংশ লোকক এপালি ভেকচিন দিয়াৰ লক্ষ্যত উপনীত হয় চৰকাৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kxlnbm
via IFTTT
Comments
Post a Comment