ঢেকীয়াখোৱা বৰ নামঘৰত কোভিড প্ৰট’কলেৰে মহাপুৰুষ মাধাৱদেৱৰ তিৰোভাৱ তিথি উদযাপন…

ডিজিটেল সংবাদ টীয়ক: আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি।যোৰহাট জিলাৰ পূব প্ৰান্তত মহাপুৰুষজনাই নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰতো সমগ্ৰ ৰাজ্যৰ লগতে উদযাপন কৰা হৈছে তিৰোভাৱ তিথি।

কোভিডৰ আতংকৰ মাজতে পূৰ্বৰ দৰে উলহ মালহেৰে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উদযাপন কৰিবলৈ পৰা নাই যদিও আধ্যাত্মিকতা ৰক্ষা কৰি চৰকাৰে বান্ধি দিয়া কোভিডৰ নীতি নিয়ম অৱলম্বন কৰি পুৱাই নামপ্ৰসংগ,দিহানামেৰে আৰম্ভ কৰিছে দিনযোৰা কাৰ্যসূচীৰ।

ইপিনে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলেও নিজ নিজ মনকামনা পূৰণৰ অৰ্থে এগছি বন্তি,শৰাই,নৈবদ্য আগবঢ়াই নেদেখাজনৰ চৰণত সেৱা লৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zo7um3
via IFTTT

Comments