হাটশিঙিমাৰীৰ চাহ দোকানৰ কৰ্মচাৰীৰ হাতত পিষ্টল…

- হাটশিঙিমাৰীত হস্তনিৰ্মিত পিষ্টলসহ গ্ৰেপ্তাৰ এজন।
- গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম দেনিবাড চাংমা (২৪ )।
- চুবুৰীয়া মেঘালয়ৰ টিক্ৰিকিল্লাত ঘৰ দেনিবাড চাংমাৰ।
- যুৱকজন অসম মেঘালয় সীমান্তৱৰ্তী পিপুলবাৰী দৈনিক বজাৰৰ চাহ দোকানৰ কৰ্মচাৰী হিচাপে কাম কৰি আছিল।
- যুৱকজনে পিষ্টল লৈ হাটশিঙিমাৰী বজাৰত ঘূৰা ফুৰা কৰি আছিল।
- এখন মোনাৰ ভিতৰত পিষ্টল লৈ ঘূৰা ফুৰা কৰা অৱস্থাত আৰক্ষী, বি এছ এফৰ অভিযানত গ্ৰেপ্তাৰ হয় যুৱকজন।
- বি এছ এফ আৰু আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলাইছিল।
- কিন্তু কি কাৰণত যুৱকজনে মেঘালয়ৰ পৰা পিষ্টল আনি এইদৰে অসমত ঘূৰা ফুৰা কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
- উদ্ধাৰহোৱা পিষ্টলটোত নাই নাই গুলী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3yl8u9g
via IFTTT
Comments
Post a Comment